বিশ্ববৰেণ্য শিল্পী ডº ভূপেন হাজৰিকাৰ মৃত্যু বার্ষিকীৰ সৈতে সংগতি ৰাখি কালি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ডº বাণীকান্ত কাকতি প্রেক্ষাগৃহত ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উদ্যোগত আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সহযোগত লুইতৰ পৰা মিছিছিপি হৈ শীৰ্ষক কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। কুইজ প্রতিযোগিতাখনত ৪০ৰো অধিক দলে অংশগ্ৰহণ কৰে। পংকজ শৰ্মা আৰু চিৰঞ্জীত দত্তই প্রতিযোগিতাত চূড়ান্ত বিজয়ী সন্মান লাভ কৰে। আনহাতে বিশিষ্ট গৱেষক, সংগীত শিল্পী বীৰেন্দ্ৰ নাথ দত্তৰ আজি জন্ম বার্ষিকী। বীৰেন্দ্ৰ নাথ দত্তৰ জন্ম বার্ষিকীৰ সৈতে সংগতি ৰাখি কালি ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ সহযোগত ইনলি ফাউণ্ডেছনে বীৰেন্দ্ৰ নাথ দত্ত বিষয়ক সাতোখন সুৰীয়া নৈ শীৰ্ষক কুইজ প্রতিযোগিতাৰ আয়োজন কৰে। ৪০ টাৰো অধিক দলে অংশগ্ৰহণ কৰা কুইজ প্রতিযোগিতাখনত নীলোৎপল পাটোৱাৰী আৰু প্ৰণিতা দাসৰ দলটিয়ে চূড়ান্ত বিজয়ী খিতাপ দখল কৰে। লগতে হিৰণ্য কুমাৰ বৰ্মন শ্রেষ্ঠ দৰ্শকৰূপে বিবেচিত হয়। অনুষ্ঠানত ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিবৰ লগতে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু ইনলি ফাউণ্ডেছনৰ বিষয়ববীয়াসকল উপস্থিত থাকে।
Site Admin | November 4, 2024 12:52 PM | Quiz compition