চৰকাৰে কৈছে যে, পাইকাৰী বজাৰলৈ ৯০ লাখ টনৰো অধিক ধান আহিছে। ইয়াৰ ভিতৰত পাঞ্জাৱত ৮৫ লাখ টনৰো অধিক ধান ৰাজ্যিক সংস্থাসমূহে আৰু ভাৰতীয় খাদ্য নিগমে ক্ৰয় কৰিছে । গ্রাহক পৰিক্রমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ে কৈছে যে, চৰকাৰে এ গ্রেড ধানৰ বাবে ধাৰ্য্য কৰা প্ৰতিকুইণ্টলত ২ হেজাৰ ৩২০ টকা মূল্যত এই ধান ক্ৰয় কৰা হৈছে। চৰকাৰে বৰ্তমানলৈকে এইবাৰৰ খাৰিফ বিপনন বৰ্ষত ১৯ হাজাৰ ৮০০ কোটি টকাৰ ধান ক্রয় কৰিছে আৰু ইয়াৰ পৰা ৪ লাখ খেতিয়ক উপকৃত হৈছে। পাঞ্জাৱত ২০২৪-২৫ খাৰিফ বিপনন বৰ্ষৰ বাবে পহিলা অক্টোবৰত ধান ক্ৰয়ৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু খেতিয়কৰ পৰা নিয়াৰিকৈ দান ক্ৰয়ৰ উদ্দেশ্যে ৰাজ্যখনত ২ হেজাৰ ৯০০ মনোনীত পাইকাৰী বজাৰ আৰু অস্থায়ী বিপননথলী মুকলি কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে ৩০ নৱেম্বৰলৈ অব্যাহত থাকিবলগীয়া চলিত বিপনন সত্ৰ ১৮৫ লাখ টন ধান ক্ৰয়ৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
Site Admin | November 4, 2024 12:36 PM | Punjub govt