পঞ্জাৱৰ অমৃতসৰৰ স্বৰ্ণ মন্দিৰত আজি এটা দুৰ্বৃত্তই ৰাজ্যখনৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা শিৰোমণি আকালি দলৰ নেতা সুখবীৰ সিং বাদললৈ লক্ষ্য কৰি কৰা গুলীচালনাৰ ঘটনাত প্ৰাক্তন উপ-মুখ্যমন্ত্ৰীজনৰ কথমপি প্ৰাণ ৰক্ষা পৰে। শ্ৰী বাদলে মন্দিৰৰ প্ৰৱেশদ্বাৰত হুইল চেয়াৰত বহি প্ৰাৰ্থনা কৰি থকাৰ সময়তে নাৰায়ণ সিং নামৰ দুর্বৃত্তটোৱে তেওঁৰ ওপৰত গুলীচালনা কৰাৰ চেষ্টা কৰে। অৱশ্যে প্ৰৱেশদ্বাৰত ৰৈ থকা শিৰোমণি গুৰুদ্ধাৰ প্ৰৱন্ধক সমিতিৰ সেৱকসকলৰ তৎপৰতাত তেওঁৰ প্ৰাণ ৰক্ষা পৰে। সেৱকসকলে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক আগুৰি ধৰাৰ সময়তে গুলীটো গৈ বেৰত খুন্দা মাৰে। দুৰ্বৃত্তটোক ততালিকে আৰক্ষীক গতাই দিয়া হৈছে। ঘটনাস্থলীত ততালিকে আৰক্ষী আয়ুক্ত গুৰপ্রীত সিং ভুল্লাৰ উপস্থিত হৈ ঘটনাৰ সবিশেষ তদন্ত কৰিছে। শ্ৰী বাদলৰ পত্নী তথা প্রাক্তন সাংসদ হৰচিমৰত কৌৰ বাদলো ঘটনাস্থলীত উপস্থিত হৈছে।
ইপিনে, কেন্দ্ৰীয় মন্ত্ৰী ৰৱনীত সিং বিট্টুৱে শ্ৰী বাদলৰ ওপৰত আক্ৰমণৰ ঘটনাক গৰিহণা দিছে। কংগ্ৰেছ নেত্রী ৰেণুকা চৌধুৰীয়েও এই ঘটনাক দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰিছে।