আকাশবাণী বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাৱলিক স্পীকত আজি নিশা চাৰে ৯ বজাত দুৰ্যোগৰ সময়ত নিৰাপদে থকাৰ উপায় সন্দৰ্ভত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সদস্য কৃষ্ণ এছ বৎস আৰু নতুন দিল্লীৰ অখিল ভাৰতীয় আয়ুৰ্বেদিক প্ৰতিষ্ঠানৰ জে পি এন এ ট্রমা চেণ্টাৰৰ মুৰববী ডº কামৰান ফাৰুকৰ সৈতে হোৱা এটি আলোচনা প্ৰচাৰ কৰা হ‘ব। আগ্রহী শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০১১-২৩৪২ ১০৫০ আৰু ০১১ ২৩৩১ ৪৪৪৪ নম্বৰত ফোন কৰি দুৰ্যোগৰ সময়ত নিৰাপদে থকাৰ বিভিন্ন উপায় সম্পর্কে বিশেষজ্ঞ দুগৰাকীক প্ৰশ্ন সুধিব পাৰিব। তেওঁলোকে লগতে ৱাটছএপ যোগে ৯২৮৯০ ৯৪০৪৪ নম্বৰলৈও প্ৰশ্ন প্ৰেৰণ কৰিব পাৰিব। আকাশবাণীৰ এফএম গ‘ল্ড চেনেল আৰু অতিৰিক্ত ফ্রিকুয়েন্সিসমূহত এই অনুষ্ঠান শুনিবলৈ পোৱা যাব। শ্ৰোতাসকলে আমাৰ ৱেৱছাইট newson air.co.in আৰু ইউটিউব চেনেল newsonairofficial যোগেও এই অনুষ্ঠান শুনিবলৈ পাব।
Site Admin | August 12, 2024 6:08 PM | Public speack