ডাউনলোড
মোবাইল এপ

android apple
signal

November 12, 2024 8:17 PM | Public service

printer

সমগ্ৰ দেশত আজি ৰাজহুৱা সেৱা সম্প্ৰচাৰ দিৱস পালন

সমগ্ৰ দেশত আজি ৰাজহুৱা সেৱা সম্প্ৰচাৰ দিৱস পালন কৰা হৈছে। মহাত্মা গান্ধীয়ে ১৯৪৭ চনত প্ৰথম আৰু শেষবাৰৰ বাবে আকাশবাণীৰ ষ্টুডিঅপৰিদৰ্শন কৰাৰ লগত সংগতি ৰাখি প্ৰতিবছৰে এই দিৱস পালন কৰা হয়। আকাশবাণী ভৱনতো আজি ৰাজহুৱা সম্প্ৰচাৰ দিৱস পালন কৰা হয়। সমগ্র দেশতে তথ্য, শিক্ষা আৰু সাংস্কৃতিক বিচিত্ৰতা প্ৰসাৰ কৰাৰ ক্ষেত্ৰত আকাশবাণীৰ গুৰুত্বপূৰ্ণ অৱদানক এই দিনটোত আলোকপাত কৰা হয় ৷ অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰচাৰ ভাৰতীৰ অধ্যক্ষ নৱনিত কুমাৰ চেহগালে মহাত্মা গান্ধীৰ ৰাষ্ট্ৰৰ প্ৰতি দায়বদ্ধতা কথা স্মৰণ কৰে। তেওঁ কয়, যে সকলোৰে কল্যাণৰ বাবে মহাত্মা গান্ধীয়ে বাণীয়ে সকলোকে উদ্বুদ্ধ কৰে বুলি তেওঁ প্ৰকাশ কৰে। আকাশবাণীৰ সঞ্চালক প্ৰধান ডº প্রজ্ঞা পালিৱাল গৌড়, দূৰদৰ্শনৰ সঞ্চালক প্রধান কাঞ্চন প্ৰসাদ আৰু আন জ্যেষ্ঠ বিষয়াসকল এই কাৰ্যসূচীত উপস্থিত থাকে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে দিৱসৰ সৈতে সংগতি ৰাখি আজি আকাশবাণীৰ অংশকালীন সংবাদদাতা আৰু সংবাদকর্মীসকলৰ সৈতে ভার্চুৱেল ব্যৱস্থাৰে এখন বৈঠকত মিলিত হয়।

অধিক পঢ়ক

সকলো চাওক