দেশৰ ৰাজহুৱা খণ্ডৰ বেংকসমূহে ২০২৪ -২৫ বিত্তীয় বৰ্ষৰ প্ৰথম ছমাহত ভাল প্ৰদৰ্শনেৰে বাৰ্ষিক ভিত্তিত ১১ শতাংশৰ বিকাশ হাৰ অৰ্জন কৰিছে। এই সময়চোৱাত বেংকসমূহে মুঠ ২৩৬ লাখ ৪ হাজাৰ কোটি টকাৰ ব্যৱসায় কৰে। বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে, বিগত কেইটামান বছৰত বেংকিং ক্ষেত্ৰত সেৱাৰ প্ৰসাৰ আৰু দক্ষতা বৃদ্ধি, দেওলীয়া বিধি ৰূপায়ণ আৰু প্ৰশাসনিক পৰিকাথামো সূদৃঢ় কৰাৰ দৰে গুৰুত্বপূৰ্ণ সংস্কাৰৰ সূচনা কৰা হৈছে আৰু ইয়াৰ বাবে বেংকসমূহে ভাল প্ৰদৰ্শন দেখুৱাবলৈ সমৰ্থ হৈছে। মন্ত্ৰালয়ে কৈছে, যে এই সংস্কাৰসমূহৰ বাবে বিত্তীয় খণ্ডৰ অৱস্থা সুস্থিৰ হৈ আছে আৰু বেংকিং ক্ষেত্ৰৰ কাম-কাজ উন্নত হৈছে। ৰাজহুৱা খণ্ডৰ বেংকসমূহে কৃত্রিম বুদ্ধিমত্তা, ক্লাউদ আৰু ব্লক চেইনৰ লেখিয়া নতুন প্রযুক্তি প্ৰয়োগ কৰিবলৈ লৈছে আৰু চাইবাৰ সুৰক্ষা প্ৰত্যাহ্বানসমূহ দূৰ কৰাৰ বাবে আৱশ্যকীয় ব্যৱস্থা গঢ়ি তুলিছে বুলি মন্ত্ৰালয়ে প্রকাশ কৰিছে।
Site Admin | November 12, 2024 8:13 PM | Public sector bank