ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজহুৱা ওজৰ-আপত্তি ফলপ্রসূ নিষ্পত্তিৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা জাৰি

কেন্দ্ৰীয় চৰকাৰে ৰাজহুৱা ওজৰ-আপত্তি নিষ্পত্তি প্রক্রিয়া যাতে সময় নির্ধাৰিত, সহজ আৰু অৰ্থপূৰ্ণ হয় তাৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। ব্যক্তিগত, ৰাজহুৱা ওজৰ-আপত্তি আৰু পেন্সন মন্ত্ৰ্যালয়ে কৈছে যে, এই ৰাজহুৱা ওজৰ-আপত্তি ফলপ্রসূ নিষ্পত্তিৰ বাবে জাৰি কৰা নিৰ্দেশনাৰ জৰিয়তে নাগৰিকসকলক সবল কৰা, প্ৰক্ৰিয়াটো সুব্যৱস্থিত কৰাৰ লগতে এইক্ষেত্ৰত অধিক স্বচ্ছতা অনা আৰু গুৰুত্ব প্ৰদানত প্ৰয়াস কৰা হৈছে। জনসাধাৰণে তেওঁলোকৰ ওজৰ-আপত্তিসমূহ www.pgportal.gov.ত পঞ্জীয়ন কৰিব পাৰিব। কেন্দ্ৰীয় মন্ত্ৰ্যালয় আৰু বিভাগসমূহে ইয়াৰ বাবে ন’ডেল বিষয়া নিয়োগ কৰিব লাগিব, যিয়ে এই প্রক্রিয়াক খৰতকীয়াকৈ, স্বচ্ছতাৰে আৰু ফলপ্ৰসূভাৱে সম্পন্ন কৰিব। বিষয়াসকলক আঁচনি আৰু কাৰ্যসূচী সন্দৰ্ভত জ্ঞান থকা পৰ্যাপ্ত সম্পদৰ সহায়ত সমৰ্পিত ওজৰ-আপত্তি কোষ স্থাপন কৰাৰ নিৰ্দেশ দিয়া হৈছে। নিষ্পত্তি হোৱা ওজৰ-আপত্তিসমূহৰ বিষয়ে এছ এম এছ আৰু ই-মেইলৰ জৰিয়তে অৱগত কৰোৱা হ’ব ।

অধিক পঢ়ক

সকলো চাওক