◊ মৰমৰ যোৰহাট আঁচনিৰ অধীনত আজি যোৰহাট জিলা প্রশাসনে টিয়ক হাইস্কুল প্ৰাঙ্গনত পথ সুৰক্ষা ব্যৱস্থা সন্দৰ্ভত এখন জনসভা অনুষ্ঠিত কৰে। জিলা আয়ুক্তৰ সভাপতিত্বত আয়োজন কৰা সভাখনত জিলা আৰক্ষী অধীক্ষককে ধৰি প্ৰশাসনীয় বিষয়াসকল উপস্থিত থাকে। পথ সুৰক্ষা ব্যৱস্থাৰ বিষয়ে আলোচনা কৰি জিলা আয়ুক্তগৰাকীয়ে ৰাইজক যাতায়ত আৰু পৰিবহনৰ সময়ত বিশেষকৈ ৰাষ্ট্ৰীয় ঘাইপথত অধিক সতর্কতা অৱলম্বন কৰিবলৈ আহ্বান জনায়। পথ সজাগতা সম্পৰ্কীয় অন্য এটা অনুষ্ঠানত জিলা প্রশাসনিক বিষয়াসকলে ৪ লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰে। আয়ুক্তগৰাকীয়ে নিৰ্মাণকাৰ্যত নিয়োজিত সংস্থাক সমাগত বাৰিষা কালত পথ দুৰ্ঘটনা ৰোধ কৰিবলৈ বিভিন্ন ব্যৱস্থা লবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ লগতে জিলা প্রশাসনে পথচাৰীৰ বাবে বেৰিকেদ ইত্যাদি নিৰ্মাণৰ বাবেও নির্দেশনা প্রদান কৰে।
Site Admin | May 18, 2024 10:22 PM | Akashvani | Local news