ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৱে আজি বিয়লি শ্রীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা ইউৰোপীয় মহাকাশ সংস্থাৰ প্রোবা থ্ৰী কৃত্রিম উপগ্রহ কঢ়িয়াই নিয়া PSLV-C59 যানখনৰ সফল উৎক্ষেপন সম্পন্ন কৰে। উৎক্ষেপন যানখনে বিয়লি ৪ বাজি ৪ মিনিটত মহাকাশলৈ উৰা মাৰে। ইছৰো উৎক্ষেপনৰ পাছত সামাজিক মাধ্যম এক্সযোগে কয়, যে PSLV-C59 যানখনে ইউৰোপীয় মহাকাশ সংস্থাৰ প্রোবা-থ্রী শ্ৰেণীৰ এলানি কৃত্রিম উপগ্রহ নিৰ্ধাৰিত কক্ষপথত স্থাপন কৰাৰ লক্ষ্যৰে উৰা মাৰিছে। প্রোবা-থ্রী ইউৰোপীয় মহাকাশ সংস্থাৰ এটা গুৰুত্বপূৰ্ণ কাৰ্যসূচী আৰু ইয়াৰ অধীনত দুটা উপগ্ৰহ মহাকাশলৈ প্ৰেৰণ কৰা হৈছে।
Site Admin | December 5, 2024 8:10 PM | ISRO | PSLV-C59