ভূৱনেশ্বৰত আজিৰে পৰা ১৮ সংখ্যক প্রবাসী ভাৰতীয় দিৱসৰ অধিৱেশন আৰম্ভ হৈছে। এই উপলক্ষে ওড়িশা চৰকাৰে ৫০ খন দেশৰ পৰা ভাৰতলৈ অহা প্ৰবাসী ভাৰতীয়- এন আৰ আইৰ সন্মুখত ৰাজ্যখনৰ চহকী সংস্কৃতি আৰু ঐতিহ্য প্ৰদৰ্শন কৰে। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰ্যালয়ৰ সহযোগত আয়োজন কৰা এই দিৱসত কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিব।
ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে পৰহিলৈ অধিৱেশনৰ বিদায় সভাত সভাপতিত্ব কৰিব। ৰাষ্ট্ৰপতিগৰাকীয়ে প্রবাসী ভাৰতীয় সকলে বিভিন্ন ক্ষেত্ৰত দেখুওৱা কৃতিত্বৰ স্বীকৃতি প্ৰদান কৰাৰ উদ্দেশ্যে প্রবাসী ভাৰতীয় সন্মান প্ৰদান কৰিব। এই অধিৱেশনৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰী মোদীয়ে দিল্লীৰ নিজামুদ্দিন ষ্টেচনৰ পৰা ৩ সপ্তাহৰ বাবে একাধিক গন্তব্যস্থানলৈ যাত্ৰা কৰিবলগীয়া প্ৰবাসী ভাৰতীয়সকলৰ বাবে বিশেষ পৰ্যটন ৰে‘ল প্রবাসী ভাৰতীয় এক্সপ্ৰেছৰ পতাকা জোকাৰি শুভাৰম্ভ কৰিব। তেওঁ ৰামায়ণৰ উত্তৰাধিকাৰ, প্ৰযুক্তি আৰু বিক্ষিত ভাৰতৰ প্ৰতি প্ৰবাসী ভাৰতীয় অৱদান, মান্দাবিৰ পৰা মাস্কাটলৈৰ ওপৰত গুৰুত্ব প্ৰদান কৰি প্ৰবাসী ভাৰতীয়সকলৰ বিৱৰ্তন, ওড়িশা ঐতিহ্য আৰু সংস্কৃতি- এই বিষয়সমূহ লৈ চাৰিখন প্ৰদৰ্শনীও উদ্বোধন কৰিব।