ডাউনলোড
মোবাইল এপ

android apple
signal

August 14, 2024 7:46 PM | partition horres

printer

আজি দেশজুৰি বিভাজন বিভীষিকা স্মৃতি দিৱস পালন

দেশ বিভাজনৰ দুঃসহ স্মৃতিৰ সোঁৱৰণত আজি দেশজুৰি বিভাজন বিভীষিকা স্মৃতি দিৱস পালন কৰা হৈছে। ১৯৪৭ চনৰ এই দিনটোত ভাৰত বিভাজনৰ সময়ত অমানৱীয় সমস্যাৰ মুখামুখি হোৱা লোকসকলক আজিৰ দিনটোত স্মৰণ কৰা হয়। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমৰ এটা বাৰ্তাত বিভাজনৰ ভয়াৱহতাত প্ৰভাৱিত আৰু ক্ষতিগ্ৰস্ত হোৱা অগণন লোকক স্মৰণ কৰে। তেওঁ কয় যে বিভাজনৰ দুখ-কষ্ট সহিও পুনৰ জীৱন-যাপন কৰিবলৈ সমৰ্থ হোৱা লোকসকলৰ সাহসক আজি শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। তদুপৰি, প্ৰধানমন্ত্রী মোদীয়ে দেশৰ ঐক্য আৰু ভাতৃত্ববোধৰ বান্ধোন ৰক্ষাৰ বাবে জাতিৰ দায়বদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অসমতো আজি এই দিৱস উপলক্ষে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে দেশ বিভাজনৰ সময়ত যন্ত্ৰণাৰ সন্মুখীন হোৱা লোকসকলৰ স্মৃতিত শ্রদ্ধা জ্ঞাপন কৰে।

ইফালে, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ত আয়োজিত দিৱসব অনুষ্ঠানত অংশ লয়। ভাৰতীয় জনতা পাৰ্টীৰ ডিব্ৰুগড় জিলা মহিলা মৰ্চাৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত শ্রদ্ধা জ্ঞাপন কৰি শ্ৰী সোণোৱালে দেশ বিভাজনৰ সময়ত হোৱা হিংসাত্মক ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ স্মৃতিত শ্রদ্ধা জ্ঞাপন কৰে । এই অনুষ্ঠানত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে এই লোকসকলৰ সংগ্ৰাম আৰু কৰুণ ত্যাগৰ কাহিনী দেশবাসীয়ে সদায় স্মৰণ কৰিব। আজিৰ অনুষ্ঠানত বিধায়ক প্রশান্ত ফুকনৰ লগতে জিলা বিজেপিৰ বিষয়ববীয়াসকল উপস্থিত থাকে ৷ বিজেপিৰ কৰিমগঞ্জ জিলা সমিতিৰ উদ্যোগত আজি বিভাজন বিভীষিকা স্মৃতি দিৱস পালন কৰা হয়। এই উপলক্ষে এখন সভা আৰু মৌন পদযাত্ৰাৰ আয়োজন কৰা হয়। চিৰাং জিলাৰ কাজলগাঁৱত ভাৰতীয় ষ্টেট বেংকৰ অধীনৰ গ্ৰামীণ স্বনিয়োজন প্রশিক্ষণ প্ৰতিষ্ঠানৰ কাৰ্যালয়ত আজি এই দিৱস পালন কৰা হয়। দিৱস উপলক্ষে স্বাধীনতা সংগ্ৰামৰ স্মৃতি বিজড়িত ভালেসংখ্যক আলোকচিত্ৰৰ এখন প্রদর্শনী মুকলি কৰা হয়। অনুষ্ঠানত ছাত্র- ছাত্ৰীসকলৰ মাজত কুইজ প্রতিযোগিতাৰো আয়োজন কৰা হয়৷

অধিক পঢ়ক

সকলো চাওক