ডাউনলোড
মোবাইল এপ

android apple
signal

বিদ্যুৎ খণ্ডক ব্যক্তিগতকৰণৰ প্ৰস্তাৱৰ বিৰুদ্ধে ৰাজ্যৰ ভিন্ন প্ৰান্তত বিক্ষোভ

বিদ্যুৎ খণ্ডক ব্যক্তিগতকৰণৰ প্ৰস্তাৱৰ বিৰুদ্ধে আজি দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তাৰ ৰাষ্ট্ৰীয় সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত গুৱাহাটীৰ বিজুলী ভৱনত কৰ্মচাৰীসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি সমন্বয়ৰক্ষী সমিতিৰ যুটীয়াভাৱে দীপক কুমাৰ সাহা, প্রমোদ চন্দ্ৰ দাস আৰু অমিত কৰৰ লগতে বহুকেইজন নেতাই ব্যক্তিগতকৰণৰ প্ৰক্ৰিয়া বন্ধ কৰিবলৈ চৰকাৰলৈ আহ্বান জনায়। গোলাঘাট শক্তি বিতৰণ কোম্পানীৰ সহকাৰী মহাপ্ৰবন্ধকৰ কাৰ্যালয়ৰ সন্মুখতো আজি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তাসকলে দুঘণ্টীয়া বিক্ষোভ কাৰ্যসূচীত অংশ লৈ ব্যক্তিগতকৰণৰ প্ৰস্তাৱৰ বিৰোধিতা কৰে। বঙাইগাওঁ, বিলাসীপাৰা আৰু মঙলদৈকে ধৰি ৰাজ্যখনৰ আন ভালেমান অঞ্চলতো আজি বিদ্যুৎ খণ্ডৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে বিক্ষোভ কাৰ্যসূচী পালন কৰাৰ বাতৰি আমালৈ আহিছে।

অধিক পঢ়ক

সকলো চাওক