ৰাজ্যসভাত আজি সমাজবাদী পাৰ্টীৰ সাংসদ ৰামজি লাল সুমনৰ মন্তব্যক কেন্দ্ৰ কৰি হুলস্থূলীয়া পৰিস্থিতিৰ উদ্ভৱ হোৱাত সভা স্থগিত ৰাখিবলগীয়া হয়। সাংসদগৰাকীয়ে ষোড়শ শতিকাৰ মেৱাৰৰ শাসনকর্তা ৰানা ছাংগাৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য প্ৰকাশ কৰাৰ প্ৰতিবাদত শাসকীয় পক্ষৰ সদস্যসকলে হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে। আজি পুৱা দিনটোৰ বাবে সদন মিলিত হোৱাৰ সময়তে শাসক পক্ষৰ সাংসদসকলে বিষয়টো উত্থাপন কৰি সমাজবাদী পাৰ্টীৰ সদস্যগৰাকীৰ ক্ষমা প্রার্থনাৰ বাবে দাবী জনায়।
ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ে কয়, যে ৰাষ্ট্ৰৰ মহান নেতাসকলৰ বিষয়ে মন্তব্য কৰাৰ সময়ত সাংসদসকল অতিশয় সতৰ্ক হোৱা উচিত আৰু এনে ব্যক্তিসকলৰ প্ৰতি কোনো ধৰণৰ তাচ্ছিল্যসূচক মন্তব্য প্রকাশ কৰা অনুচিত। তেওঁলোকৰ মন্তব্যই যাতে কোনো লোকৰ অনুভূতিক আঘাত নকৰে তাৰ প্ৰতিও দৃষ্টি আৰোপ কৰিবলৈ সভাপতিগৰাকীয়ে আহ্বান জনায়। তেওঁৰ কথাৰ আঁত ধৰি সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেন ৰিজিজুৱে কয়, যে সাংসদসকলে শ্ৰী ধনখড়ে প্ৰকাশ কৰা মন্তব্যক গুৰুত্বসহকাৰে গ্ৰহণ কৰাৰ লগতে দেশৰ মহান ব্যক্তিসকলক উপলুঙা কৰাটো এৰাই চলা উচিত। মন্ত্ৰীগৰাকীয়ে সমাজবাদী পাৰ্টীৰ নেতাগৰাকীয়ে প্ৰকাশ কৰা মন্তব্যক গৰিহনা দিবলৈ কংগ্ৰেছকে ধৰি সকলো দলৰ সাংসদসকলক আহ্বান জনায়। একেদৰে বিৰোধী দলপতি মল্লিকার্জুন খার্গেই কয়, যে দেশৰ বাবে সংগ্ৰাম কৰা প্ৰতিগৰাকী ব্যক্তিক আমি জন্মান জনোৱা উচিত । তেওঁ অৱশ্যে সাংসদগৰাকীৰ বাসগৃহত আক্ৰমণ কৰাত আৰু প্ৰতিবাদকাৰীয়ে আইন হাতত তুলি লোৱাটো সমীচিন হোৱা নাই বুলিও মত প্রকাশ কৰে।