ডাউনলোড
মোবাইল এপ

android apple
signal

দেশত মাংকীপক্স ৰোগ প্ৰতিৰোধৰ বিভিন্ন প্রস্তুতি সন্দৰ্ভত প্রধানমন্ত্ৰীৰ মুখ্য সচিবৰ অধ্যক্ষতাত উচ্চ পৰ্যায়ৰ বৈঠক

দেশত মাংকীপক্স ৰোগৰ প্ৰাদুৰ্ভাৱৰ পৰা ৰক্ষা পাবৰ বাবে গ্ৰহণ কৰা বিভিন্ন প্রস্তুতি সন্দৰ্ভত প্রধানমন্ত্ৰীৰ মুখ্য সচিব ড০ পি কে মিশ্ৰৰ অধ্যক্ষতাত কালি এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত জনস্বাস্থ্য উপায় সম্পৰ্কীয় বিষয়সমূহতো আলোচনা কৰা হয়। বৈঠকত মুখ্য সচিবগৰাকীয়ে এই ৰোগৰ তাৎক্ষণিকভাৱে ধৰা পেলাব পৰা যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে নিৰীক্ষণ ব্যৱস্থা বৃদ্ধি কৰিবলৈ ৰাজ্যসমূহক নির্দেশ দিয়ে। তেওঁ লগতে আগতীয়াকৈ এই ৰোগ ধৰা পেলাব পৰাকৈ পৰীক্ষাগাৰসমূহক অধিক সূক্ষ্ম আৰু বিস্তৃতভাৱে কাম কৰিবলৈ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে, দেশত বৰ্তমান এই ৰোগৰ পৰীক্ষণ কৰিব পৰা ৩২টা পৰীক্ষাগাৰ আছে। শ্রীমিশ্ৰই কয় যে, এই ৰোগৰ প্ৰতিৰোধ আৰু চিকিৎসা সন্দৰ্ভত ব্যাপকভাৱে জনসাধাৰণৰ মাজত প্ৰচাৰ কৰা উচিত। তেওঁ মাংকীপক্সৰ লক্ষণ আৰু প্ৰতিৰোধ সন্দৰ্ভত স্বাস্থ্যকৰ্মীসকলৰ মাজত সজাগতা বৃদ্ধি কৰাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰে। উল্লেখযোগ্য যে, দেশত এতিয়ালৈকে মাংকীপক্স ৰোগত কোনো লোক আক্ৰান্ত হোৱা নাই আৰু ব্যাপক হাৰত এই ৰোগত আক্ৰান্ত হোৱাৰ আশংকাও অতি কম। এই ৰোগত আক্ৰান্ত লোকৰ শৰীৰত জ্বৰ, ডিঙিৰ সুৰসুৰনি, ডিঙিৰ গ্ৰন্থি ফুলা, ছাল ৰঙা পৰা, কঁকালৰ বিষ আদি লক্ষণে দেখা দিয়ে। সাধাৰণতে ইয়াৰ সংক্ৰমণ ২ৰ পৰা ৪ সপ্তাহলৈ থাকে আৰু চিকিৎসাৰ জৰিয়তে ইয়াৰ পৰা আৰোগ্য লাভ কৰিব পাৰি। দীঘলীয়া সময় ধৰি সংক্ৰমিত যিকোনো লোকৰ সংস্পৰ্শলৈ আহিলে এই ৰোগ বিয়পিব পাৰে। বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা অনুসৰি ২০২২ চনৰ পৰা এই ৰোগত ১১৬ খন দেশৰ ৯৯ হাজাৰতকৈ অধিক লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ২০৮ জন লোকৰ মৃত্যু হৈছে।

অধিক পঢ়ক

সকলো চাওক