প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ২১ৰ পৰা ২৩ ছেপ্টেম্বৰলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰিব। শ্রীমোদীয়ে ২১ ছেপ্টেম্বৰত ৱাশ্বিংটনৰ ডেলাৱেৰত হ’বলগীয়া কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলৰ চতুৰ্থ শীৰ্ষ সন্মিলনত ভাগ ল’ব। ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ অনুৰোধ মৰ্মে অহা বছৰ কোৱাড শীৰ্ষ সন্মিলনৰ আয়োজন কৰিবলৈ সন্মতি প্রকাশ কৰিছে। বিদেশ মন্ত্রালয়ে কৈছে যে বৈঠকত কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলে বিগত এটা বছৰত ৰাষ্ট্ৰগোষ্ঠীটোৱে লাভ কৰা প্ৰগতিৰ পৰ্যালোচনা চলাব। তেওঁলোকে ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলৰ দেশসমূহক নিজৰ নিজৰ উন্নয়নৰ লক্ষ্য আৰু আশা-আকাংক্ষা পূৰণ কৰাত সহায় কৰাৰ বাবে পৰৱৰ্তী এটা বছৰৰ বাবে কাৰ্যসূচী নির্ধাৰণ কৰিব।
প্রধানমন্ত্রী মোদীয়ে ২৩ ছেপ্টেম্বৰত নিউয়র্কস্থিত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ছামিট অৱ দ্য ফিউচাৰ শীর্ষক সন্মিলনক সম্বোধন কৰিব। এই সন্মিলনৰ মূল বিষয়বস্তু হৈছে উন্নত ভৱিষ্যতৰ বাবে বহুপাক্ষিক সমাধান। বিশ্ব বিভিন্ন প্ৰান্তৰ ভালেসংখ্যক নেতাই এই সন্মিলনত অংশগ্রহণ কৰিব। সন্মিলনত ভাগ লোৱাৰ সুযোগতে প্রধানমন্ত্রী মোদীয়ে বিভিন্ন দেশৰ নেতৃবৰ্গৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব আৰু পাৰস্পৰিক স্বার্থজড়িত ভিন ভিন বিষয় লৈ আলোচনা কৰিব। ভ্রমণকালত প্রধানমন্ত্ৰীয়ে নিউয়র্কত ভাৰতীয় সম্প্ৰদায়ৰ এটা সমাৱেশকো সম্বোধন কৰিব। তেওঁ লগতে কৃত্রিম বুদ্ধিমত্তা, কোৱাণ্টাম কম্পিউটিং, অৰ্ধপৰিবাহী আৰু জৈৱ প্ৰযুক্তি আদি ক্ষেত্ৰত উভয় দেশৰ মাজত সহযোগিতা অধিক সুদৃঢ় কৰাৰ উদ্দেশ্যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আগশাৰীৰ কোম্পানীসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে মত বিনিময় কৰিব।