ডাউনলোড
মোবাইল এপ

android apple
signal

নতুন দিল্লীত মালয়েছিয়াৰ প্ৰধানমন্ত্রী আনোৱাৰ ইব্রাহিমৰ সৈতে বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ভাৰত ভ্ৰমণৰত মালয়েছিয়াৰ প্ৰধানমন্ত্রী আনোৱাৰ ইব্রাহিমৰ সৈতে বৈঠকত মিলিত হ’ব। বৈঠকত দুয়োগৰাকী নেতাই ভালেকেইখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছে। প্রধানমন্ত্রী শ্রীমোদীয়ে অভ্যাগত প্ৰধানমন্ত্ৰীগৰাকীৰ সন্মানার্থে ভোজমেলৰ আয়োজন কৰিছে। ইয়াৰ পাছত মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰপতি ভৱনত শ্ৰীমতী দ্রৌপদী মুৰ্মুক সাক্ষাৎ কৰিব। তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে যোৱানিশা নতুন দিল্লীত উপস্থিত হোৱা প্ৰধানমন্ত্ৰীগৰাকীক বিমানবন্দৰত জলশক্তি আৰু ৰে’ল ৰাজ্য মন্ত্ৰী ভি ছোমান্নাই আনুষ্ঠানিকভাৱে আদৰণি জনায়। এয়া হৈছে মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰথমটো ভাৰত ভ্ৰমণ ৷

বিদেশ মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি ভাৰত আৰু মালয়েছিয়া শক্তিশালী ঐতিহাসিক আৰু সামাজিক, সাংস্কৃতিক বান্ধোনেৰে বান্ধ খাই আছে। উভয় দেশৰ দ্বিপাক্ষিক সম্পর্কক ২০১৫ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মালয়েছিয়া ভ্ৰমণৰ সময়ছোৱাত বৰ্ধিত কৌশলগত অংশীদাৰিত্বলৈ উন্নত কৰা হয়। মন্ত্ৰ্যালয়ে জনোৱা অনুসৰি উভয় দেশৰ এই বর্ধিত কৌশলগত অংশীদাৰিত্বই পৰৱৰ্তী বৰ্ষত দ্বিতীয় দশকত ভৰি দিয়াৰ সময়তে মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীগৰাকীৰ ভাৰত ভ্ৰমণে দেশ দুয়োখনৰ মাজৰ দ্বিপাক্ষিক সম্পর্কক অধিক শক্তিশালী কৰি তুলিব আৰু ভৱিষ্যতৰ বাবে বিভিন্ন খণ্ডত সহযোগিতামূলক কাৰ্যসূচীৰ বিকাশ ঘটাব।

অধিক পঢ়ক

সকলো চাওক