প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পোলেণ্ড আৰু ইউক্রেইনৰ সৈতে সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ উদ্দেশ্যে দ্বিদেশীয় ভ্রমণসূচীৰে ইতিমধ্যে ৱাৰশ্ব’ত উপস্থিত হৈছে। ৱাৰশ্ব’ত সামৰিক বিমানবন্দৰত উপস্থিত হোৱাৰ পাছত তেওঁক বিপুলভাৱে আদৰণি জনোৱা হয়। শ্রীমোদীয়ে আজি জামচাহেব নৱানগৰ স্মাৰক আৰু মোণ্টে কেচিনো আৰু কোলহাপুৰ স্মাৰকত শ্রদ্ধার্ঘ্য নিবেদন কৰিব। পাছত শ্ৰীমোদীয়ে ৱাৰশ্ব’ত এটা সমূহীয়া অনুষ্ঠানত অংশগ্ৰহণ কৰিব আৰু ভাৰতীয় সম্প্ৰদায়ৰ লোকৰ সৈতে মত বিনিময় কৰিব।
ৰাওনা হোৱাৰ পূৰ্বে দিয়া এটা বিবৃতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে পোলেণ্ড মধ্য ইউৰোপত ভাৰতৰ গুৰুত্বপূৰ্ণ অর্থনৈতিক সহযোগী। তেওঁ কয় যে, ভাৰত আৰু পোলেণ্ডৰ গণতন্ত্ৰ আৰু বহুত্ববাদৰ প্ৰতি পাৰস্পৰিক প্ৰতিশ্ৰুতিবদ্ধতাই দেশ দুখনৰ মাজৰ সম্পৰ্ক অধিক সুদৃঢ় কৰে। শ্ৰীমোদীয়ে কয় যে, ভাৰত আৰু পোলেণ্ডে দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পর্ক স্থাপনৰ ৭০ বছৰ উদযাপন কৰিবলৈ লোৱাৰ সময়তে তেওঁ দেশখনলৈ যাবলৈ ওলাইছে। এই দুদিনীয়া ভ্ৰমণকালত শ্ৰীমোদীয়ে দেশখনৰ প্ৰধানমন্ত্ৰী ডোনাল্ড টাস্ক আৰু ৰাষ্ট্ৰপতি এন্দ্ৰেজ দুডাৰ সৈতে বৈঠকত মিলিত হ’ব। এয়া বিগত ৪৫ বছৰত কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম পোলেণ্ড ভ্রমণ।
শ্ৰীমোদীয়ে কয় যে, তেওঁ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কীৰ আমন্ত্রণমৰ্মে ইউক্রেইনলৈ যাব। এয়া হ’ব ১৯৯২ চনত দ্বিপাক্ষিক সম্পর্ক স্থাপনৰ পাছৰে পৰা কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম ইউক্রেইন ভ্ৰমণ। ভ্ৰমণৰ পূর্বে দিয়া বিবৃতিটোত শ্ৰীমোদীয়ে অঞ্চলটোলৈ শীঘ্ৰে শান্তি-সুস্থিৰতা ঘূৰি আহিব বুলি আশা প্রকাশ কৰে। শ্ৰীমোদীয়ে কয় যে, তেওঁ ৰাষ্ট্ৰপতি জেলেনস্কিৰ সৈতে দ্বিপাক্ষিক সম্পর্ক সূদৃঢ় কৰা আৰু ইউক্রেইনৰ সংঘৰ্ষৰ শান্তিপূর্ণ সমাধানৰ বিষয় লৈ আলোচনা কৰিব। প্রধানমন্ত্ৰীয়ে লগতে এই ভ্রমণে দুয়োখন দেশৰ মাজৰ স্বাভাৱিক সম্পর্ক অধিক গভীৰ কৰি তুলিব আৰু ভৱিষ্যতৰ বাবে শক্তিশালী ভেটি নিৰ্মাণ কৰিব বুলি আশা প্ৰকাশ কৰে।