প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমৰ এটা বার্তাযোগে মেক ইন ইণ্ডিয়া অভিযানে গোলকীয় মঞ্চত দেশৰ অৰ্থব্যৱস্থাক কেনেদৰে আগুৱাই লৈ গৈছে সেই বিষয়ে প্রকাশ কৰিছে। মেক ইন ইণ্ডিয়া অভিযানৰ আভাস দি বার্তাটোত এইবুলি কোৱা হৈছে যে সমগ্ৰ বিশ্বত ভাৰতীয় চাইকেলৰ চাহিদা বৃদ্ধি পাইছে। ব্ৰিটেইন, জার্মানী আৰু নেডাৰলেণ্ডছলৈ ভাৰতৰ চাইকেলৰ ৰপ্তানি বৃদ্ধি পাইছে বুলি উল্লেখ কৰি তেওঁ কয় যে, চাহিদা বৃদ্ধিৰ এই ঘটনাই আন্তঃৰাষ্ট্ৰীয় বজাৰত ভাৰতৰ বৰ্দ্ধিত প্ৰভাৱকেই প্রতিফলিত কৰিছে। বার্তাটোত প্ৰকাশ কৰা মতে বিহাৰত প্ৰস্তুত কৰা জোতা ৰাছিয়াৰ সেনাবাহিনীয়ে ব্যৱহাৰ কৰিবলৈ লৈছে আৰু ইয়াৰ পৰা ভাৰতত নিৰ্মাণ কৰা সামগ্ৰীসমূহে অপ্রত্যাশিতভাৱে বিশ্বৰ বজাৰ দখল কৰাটো স্পষ্ট হৈ পৰিছে। এই সাফল্যৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বজাৰত ভাৰতৰ বৰ্ধিত প্ৰভাৱ আৰু দেশৰ নিৰ্মাণ সামর্থ্যৰ উচ্চমান প্রতিফলিত হৈছে বুলিও পোষ্টটোত উল্লেখ কৰা হৈছে। কেৱল ইমানেই নহয়, বিশ্বকাপ ক্রিকেট প্রতিযোগিতা চমু চাপি অহাৰ লগে লগে কাশ্মীৰত নিৰ্মাণ কৰা ক্ৰিকেট বেটৰ চাহিদাও বৃদ্ধি পাইছে বুলি উল্লখে কৰি তেওঁ কয় যে, এই বেটসমূহ ভাৰতৰ উৎকৃষ্ট শিল্প নৈপুণ্য আৰু আন্তঃৰাষ্ট্ৰীয় ক্রিকেট প্ৰেক্ষাপটত গুৰুত্বপূৰ্ণ প্ৰভাৱৰ উদাহৰণ৷
আনহাতে গাখীৰ আৰু দুগ্ধজাত সামগ্ৰীৰ উৎপাদক প্রতিষ্ঠান আমূলে আমেৰিকা যুক্তৰাষ্ট্ৰত নিজৰ উৎপাদিত সামগ্রী যোগান ধৰি ভাৰতৰ অনন্য সোৱাদ বিশ্বলৈ বিয়পাইছে বুলি বাৰ্তাটোত উল্লেখ কৰা হৈছে। একেদৰে ভাৰতৰ ইউ পি আই ব্যৱস্থা এতিয়া গোলকীয় ব্যৱস্থাৰূপে পৰিগণিত হৈছে বুলি মত প্ৰকাশ কৰি তেওঁ কয় যে, এই ব্যৱস্থাই কেইবাখনো দেশত ডিজিটেল পদ্ধতিৰে ধনৰ লেনদেন সহজ কৰি তুলিছে। ভাৰত আৰু ৰাছিয়াই যুটীয়াভাৱে বিকশাই তোলা ব্রাহ্ম’ছ ক্ষেপণাস্ত্র এতিয়া দক্ষিণ চীন সাগৰত নিয়োজিত কৰাটোৱে ভাৰতৰ কৌশলগত প্ৰতিৰক্ষা সামর্থ্য আৰু গোলকীয় সুৰক্ষাৰ ক্ষেত্ৰত দেশৰ গুৰুত্বপূৰ্ণ ভূমিকাক প্রমাণিত কৰিছে বুলি সামাজিক মাধ্যমৰ বাৰ্তাটোত কোৱা হৈছে। একেদৰে এমাজনৰ ব্লেক ফ্রাইডে আৰু চাইবাৰ মানডে বিক্রীত ভাৰতীয় সামগ্ৰীসমূহে আধিপত্য বিস্তাৰ কৰি আহিছে বুলি প্ৰকাশ কৰি তেওঁ কয় যে, এই সাফল্যগাথাই আন্তঃৰাষ্ট্ৰীয় বজাৰত ভাৰতত নিৰ্মিত সামগ্ৰীসমূহৰ চাহিদা আৰু গোলকীয় ই-কমার্চ বজাৰত ভাৰতৰ বৰ্ধিত প্ৰভাৱক প্ৰতিফলিত কৰিছে।