September 11, 2024 10:14 AM | narendra modi | PMO India

printer

প্রধানমন্ত্রী মোদীয়ে গ্রেটাৰ নয়দাত ছেমিকন ইণ্ডিয়া-২০২৪ সন্মিলন মুকলি কৰিব

■ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আজি গ্রেটাৰ নয়দাত ছেমিকন ইণ্ডিয়া ২০২৪ সন্মিলন মুকলি কৰিব। এই তিনিদিনীয়া সন্মিলনৰ মূল বিষয়বস্তু হৈছে অর্ধপৰিবাহীৰ ভৱিষ্যৎ গঢ় দিয়া। সন্মিলনত ভাৰতক অর্ধপৰিবাহীব গোলকীয় কেন্দ্র ৰূপে গঢ় দিয়াব উদ্দেশ্যে দেশে গ্রহণ কৰা অৰ্ধপৰিবাহী ৰণকৌশল আৰু নীতিৰ বিষয়ে আলোকপাত কৰা হ’ব। কালি নতুন দিল্লীত অর্ধপৰিবাহী কাৰ্যবাহীসকলৰ ঘূৰণীয়া মেজমেলত অধ্যক্ষতা কবি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কয় যে ভাৰতৰ বিবিধতাৰে ভৰে অর্ধপৰিবাহী যোগান শৃংখলাত বিশ্বাসী সহযোগী হোৱাৰ সামর্থ্য আছে। তেওঁ কয় যে অর্ধপৰিবাহীসমূহ ডিজিটীয় যুগৰ ভেটিত্বৰূপ আৰু এই উদ্যোগ বুনিয়াদী আৱশ্যকতাৰ আধাৰৰূপে পৰিগণিত হবলৈ বেছি সময় নাই। গণতন্ত্র আৰু প্রযুক্তিয়ে একেলগে মানৱ জাতিৰ কল্যাণ সুনিশ্চিত কৰিব পাৰে বুলি প্রধানমন্ত্ৰীয়ে প্রকাশ কৰে। শ্রীমোদীয়ে কয় যে ভাবতে অর্ধপৰিবাহী খণ্ডত গোলকীয় দায়িত্ব অনুধাৱন কৰি এই দিশত অগ্ৰসৰ হৈছে। তেওঁ কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত অনুমেয় আৰু স্থিৰ নীতি ব্যৱস্থা অনুসৰণ কৰিব বুলি আশ্বাস প্রদান কৰে। শ্রীমোদীয়ে কয় যে চৰকাৰে মেক ইন ইণ্ডিয়া আৰু মেক ফৰ দ্য ৱৰ্ল্ড দৃষ্টিভঙ্গীত গুৰুত্ব আৰোপ কৰি প্ৰতিটো ক্ষেত্ৰত অর্ধপৰিবাহী উদ্যোগলৈ সহায়- সমর্থন আগবঢ়াই যাব।

অধিক পঢ়ক

সকলো চাওক