প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে যোগ হৈছে একতা আৰু সমন্বয়ক উদযাপন কৰা শাশ্বত অনুশীলন। দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস কাষ চাপি অহাৰ পৰিপ্ৰেক্ষিতত সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে প্রধানমন্ত্রীয়ে এইদৰে প্ৰকাশ কৰিছে। বিবিধ সংস্কৃতি আৰু ভৌগোলিক বিচিত্ৰতাৰ মাজত সংযোগ স্থাপনৰ ক্ষেত্ৰত যোগৰ উল্লেখযোগ্য ক্ষমতাৰ বিষয়ত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কৈছে যে সামূহিক কল্যাণৰ বাবে যোগে সমগ্ৰ বিশ্বৰ লাখ লাখ লোকক একত্ৰিত কৰিছে। শ্ৰী মোদীয়ে কৈছে যে সকলোৱে যোগক নিজৰ জীৱনৰ অবিচ্ছেদ্য অংশ হিচাপে গঢ়ি তুলিবলৈ প্রতিশ্রুতিবদ্ধ হ’ব লাগে আৰু আনকো ইয়াক নিজৰ অংশ হিচাপে গঢ়ি তুলিবলৈ উৎসাহিত কৰিব লাগে। প্রধানমন্ত্ৰীয়ে লগতে কৈছে যে যোগে শান্তি প্ৰদান কৰাৰ লগতে ধৈৰ্যৰে জীৱনৰ প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰাত সহায় কৰে। সামাজিক মাধ্যমত ভিডিঅ’ৰ জৰিয়তে বিভিন্ন আসন আৰু ইয়াৰ সুবিধাৰ বিষয়ে তেওঁ নিৰ্দেশনা আগবঢ়াইছে। এই ভিডিঅ’সমূহে জনসাধাৰণক নিয়মীয়াকৈ যোগাভ্যাস কৰিবলৈ অনুপ্ৰাণিত কৰিব বুলিও প্রধানমন্ত্রীয়ে আশা প্রকাশ কৰে। উল্লেখযোগ্য যে প্ৰতিবছৰে ২১ জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়।
Site Admin | June 11, 2024 6:35 PM | Prime Minister Modi urges everyone to make Yoga an integral part of lives