প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ হ’বলগীয়া জি-৭ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে আজি ইটালীলৈ বুলি ৰাওনা হ’ব। বিদেশ সচিব বিনয় কোৱাট্ৰাই কালি বিয়লি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে, ভাৰতক আউটৰীচ ৰাষ্ট্ৰ হিচাপে এই সন্মিলনলৈ আমন্ত্ৰণ জনোৱা হৈছে। একেৰাহে তৃতীয়বাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ এয়া প্ৰথম বিদেশ ভ্রমণ হ’ব বুলি তেওঁ প্ৰকাশ কৰে। শ্ৰীকোৱাট্ৰাই কয় যে, প্রধানমন্ত্ৰীৰ এই ভ্রমণে ভাৰত আৰু গ্ল’বেল ছাউথৰূপে পৰিচিত ৰাষ্ট্ৰসমূহৰ বাবে গুৰুত্বপূৰ্ণ বিভিন্ন বিষয় লৈ সন্মিলনত বিশ্ব নেতাসকলৰ সৈতে আলোচনাত সুযোগ প্রদান কৰিব। ভাৰতে জি-৭ শীৰ্ষ সন্মিলনত এইবাৰকে ধৰি একাদশবাৰ অংশগ্রহণ কৰিব আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইবেলি একেৰাহে পঞ্চমবাৰৰ বাবে সন্মিলনত অংশ ল’ব। প্রধানমন্ত্ৰীয়ে শুকুৰবাৰে আউটৰীচ সত্ৰত ভাগ ল’ব।
সন্মিলনত ভাগ লোৱাৰ সুযোগতে প্রধানমন্ত্ৰীয়ে জি-৭ ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে। শ্ৰীমোদীয়ে ইটালীৰ প্ৰধানমন্ত্ৰী জিঅ’ৰ্জিয়া মেল’নিৰ সৈতে দ্বিপাক্ষিক আলোচনাত ভাগ ল’ব। সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত বিদেশ সচিবগৰাকীয়ে কয় যে ভাৰতে ছুইজাৰলেণ্ডত হ’বলগীয়া ইউক্রেইন শান্তি সন্মিলনত সঠিক পৰ্যায়ত অংশ ল’ব। এইমাহত ছুইজাৰলেণ্ডত আয়োজিত এই সন্মিলনত প্রায় ৯০খন দেশে অংশগ্ৰহণ কৰাৰ কথা আছে।