ডাউনলোড
মোবাইল এপ

android apple
signal

পেৰিছ পেৰালিম্পিকত অংশগ্রহণ কৰিবলগীয়া ভাৰতীয় খেলুৱৈসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ মতবিনিময়

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৮ আগষ্টৰ পৰা পেৰিছত হ’বলগীয়া পেৰালিম্পিকত অংশগ্রহণ কৰিবলগীয়া ভাৰতীয় দলৰ সদস্যসকলৰ সৈতে কালি মত বিনিময় কৰে। ভিডিঅ’ কনফাৰেন্সিক ব্যৱস্থাৰে আয়োজিত এই বার্তালাপত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এই খেলুৱৈসকলে দেশলৈ গৌৰৱ কঢ়িৱাই আনিব বুলি আশা প্রকাশ কৰে। তেওঁ কয় যে, খেলুৱৈসকলৰ এই যাত্ৰা তেওঁলোকৰ জীৱন আৰু কেৰিয়াৰৰ বাবে অতি গুৰুত্বপূৰ্ণ। এই যাত্ৰা দেশৰ বাবেও সমানে গুৰুত্বপূৰ্ণ বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয় যে, দেশৰ ১৪০ জনসাধাৰণে খেলুৱৈসকলক আশীৰ্বাদ দি আছে।

ইপিনে ক্রীড়া মন্ত্রী মনসুখ মন্দাভিয়াই কৈছে যে, এইবেলি ভাৰতে পেৰালিম্পিকলৈ সৰ্ববৃহৎ দল প্ৰেৰণ কৰিবলৈ সাজু হৈছে। এই ক্রীড়া সমাৰোহত ৮৪ গৰাকী প্ৰতিভাৱান খেলুৱৈয়ে দেশক প্রতিনিধিত্ব কৰিব বুলি তেওঁ প্ৰকাশ কৰে। ইয়াৰ ভিতৰত ৫০ শতাংশ খেলুৱৈয়ে প্ৰথমবাৰৰ বাবে এই ক্রীড়া সমাৰোহত অংশগ্ৰহণ কৰিব। তেওঁ কয় যে, এই খেলুৱৈসকলে অকল ক্ৰীড়াৰ ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰাই নহয় বৰং ইচ্ছাশক্তি, নিষ্ঠা আৰু কঠোৰ শ্ৰমৰ জৰিয়তে যে যিকোনো বাধাই অতিক্ৰম কৰিব পাৰি, সেয়াও প্ৰমাণ কৰিছে। মন্ত্ৰীগৰাকীয়ে কয় যে, ভাৰতীয় খেলুৱৈসকলে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনেৰে টকিঅ পেৰালিম্পিকত ১৯টা আৰু ২০২২ চনৰ এছিয় পেৰা গেমছত ১১১টা পদক জয় কৰাটো দেশৰ বাবে গৌৰৱৰ বিষয়। খেলুৱৈসকলে একেদৰে এইবেলিও পেৰিছত গৌৰৱৰ ধ্বজা উৰুৱাব বুলি তেওঁ আস্থা প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক