লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সংসদীয় নিকায়সমূহ উন্নত আৰু গুৰুত্বপূৰ্ণ বিতৰ্ক আৰু আলোচনাৰ স্থানৰূপে গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰিছে। বিহাৰৰ ৰাজধানী পাৰ্টনাত আজি ৮৫ সংখ্যক সৰ্বভাৰতীয় অধ্যক্ষ আৰু সভাপতিসকলক অভিৱৰ্তনৰ সামৰণি অনুষ্ঠানত ভাষণ দি অধ্যক্ষগৰাকীয়ে কয়, যে সকলো প্রতিনিধিয়ে আলাপ-আলোচনাৰ প্ৰসাৰৰ হকে সংকল্প গ্রহণ কৰিছে। তেওঁ কয়, যে সকলো অংশগ্ৰহণকাৰীয়ে সংসদীয় নিকায়সমূহৰ উৎপাদনশীলতা আৰু দায়ৱদ্ধতা বৃদ্ধি কৰিবলৈ সন্মতি প্ৰকাশ কৰাৰ বাবে এই দুদিনীয়া অভিৱৰ্তন অতিকে ফলপ্ৰসূ হৈ উঠিছে। অধ্যক্ষ আৰু সভাপতিসকলে জনসাধাৰণলৈ উন্নত সেৱা আগবঢ়াবলৈ আৰু তেওঁলোকৰ আশা-আকাংক্ষা পূৰণ কৰিবলৈ নতুন প্রযুক্তি আৰু দক্ষতা গ্ৰহণ কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে বুলিও তেওঁ প্ৰকাশ কৰে। বিহাৰৰ ৰাজ্যপাল আৰিফ মহম্মদ খানেও প্রতিনিধিসকলক উদ্দেশ্য কৰি ভাষণ দিয়ে। শ্রীখানে কয়, যে পৰিৱৰ্তিত নিৰ্বাচনী প্ৰেক্ষাপটৰ এগৰাকী প্রতিনিধি হিচাপে সকলোৰে গুৰু দায়িত্ব আছে।
সংসদীয় নিকায়সমূহ উন্নত আৰু গুৰুত্বপূৰ্ণ বিতৰ্ক আৰু আলোচনাৰ স্থানৰূপে গঢ়ি তোলাত লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ গুৰুত্ব আৰোপ
