পৱিত্ৰ ৰমজান মাহৰ অন্তত আজি সমগ্ৰ দেশতে ঈদ-উল-ফিতৰ উৎসৱ উদযাপন কৰা হৈছে। দেশৰ ভিন্ন প্ৰান্তত ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঈদগাহ আৰু মছজিদসমূহত ঈদৰ সমূহীয়া নামাজত অংশগ্ৰহণ কৰে। দিল্লীত জামা মছজিদ, ফাতেহপুৰী মছজিদ আৰু শ্বাহী ঈদগাহ ময়দানত সমূহীয়া ঈদৰ নামাজৰ আয়োজন কৰা হয়৷
ঈদ উপলক্ষে ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে ইছলাম ধৰ্মাৱলম্বী লোকসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কয়, যে এই উৎসৱে ভাতৃত্ববোধ, সহযোগিতা আৰু দয়াৰ মনোভাৱ বৃদ্ধি কৰে। ঈদ উৎসৱে শান্তি, প্ৰগতি আৰু সুখ কঢ়িয়াই আনি সমাজক ইতিবাচক দিশত আগুৱাই লৈ যাব বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে আশা প্ৰকাশ কৰে।
উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কয়, যে ঈদ উৎসৱে সাংস্কৃতিক বৈচিত্র্যক প্ৰতিফলিত কৰাৰ লগতে একতাৰ মনোভাৱ জগাই তোলে। এই উৎসৱে জনসাধাৰণক শক্তিশালী আৰু সমৃদ্ধ দেশ নিৰ্মাণত সহায়ক হোৱা মূল্যবোধৰ প্ৰতি প্ৰেৰণা জগাই তুলিব বুলি তেওঁ আশা প্ৰকাশ কৰে।
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঈদ-উল-ফিতৰৰ শুভেচ্ছা জনাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত আশা প্ৰকাশ কৰে, যে এই উৎসৱে সমাজত আশা, সমন্বয় আৰু দয়াৰ মনোভাৱ সুদৃঢ় কৰি তুলিব। তেওঁ এই উৎসৱৰ ক্ষণত সকলোৰে সাফল্য কামনা কৰে।