ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি শ্রীজগদীপ ধনখড়ে মধ্যপ্ৰদেশৰ ৰাজগড় জিলাত সংঘটিত পথ দুৰ্ঘটনাত নিহতসকললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে, পথ দুৰ্ঘটনাৰ বাতৰিটো অতি দুখজনক আৰু আঘাতপ্ৰাপ্ত সকল শীঘ্ৰেই আৰোগ্য হোৱাটো কামনা কৰিছো । উপ-ৰাষ্ট্ৰপতি শ্রীধনখড়ে কয় যে, পথ দুৰ্ঘটনাটোত প্রাণহানি হোৱা সকলৰ বাবে তেওঁ অতিশয় দুখিত। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে শোক-সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আঘাতপ্রাপ্তসকলৰ আশু আৰোগ্য কামনা কৰে ।
Site Admin | June 3, 2024 5:54 PM | President | Vice President
মধ্যপ্ৰদেশৰ ৰাজগড়ত সংঘটিত পথ দুৰ্ঘটনাত নিহতসকললৈ ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতিৰ গভীৰ সমবেদনা জ্ঞাপন
