ডাউনলোড
মোবাইল এপ

android apple
signal

August 14, 2024 8:27 PM | President speach

printer

স্বাধীনতা দিৱসৰ প্ৰাকসন্ধিয়া আজি ৰাষ্ট্ৰক উদ্দেশ্যি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ ভাষণ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কৈছে যে, ভাৰতে বিবিধতা আৰু বহুত্ববাদৰ সৈতে এখন সংবদ্ধ ৰাষ্ট্ৰ হিচাপে আগবাঢ়িছে আৰু অৰ্জিত সামাজিক বিন্যাসক লৈ মতানৈক্য সৃষ্টি কৰিব পৰা প্ৰবৃত্তিসমূহ প্রত্যাখ্যান কৰিছে। স্বাধীনতা দিৱসৰ প্ৰাকসন্ধিয়া আজি ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দি ৰাষ্ট্ৰীপতিগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে দেশৰ সমাজ জীৱনৰ প্ৰতিটো দিশতে অন্তৰ্ভুক্তিৰ ভাৱনা বিয়পি আছে। অন্তৰ্ভুক্তিৰ আহিলা হিচাপে ইতিবাচক কার্য গুৰুত্ব আৰোপ কৰা উচিত বুলি মন্তব্য কৰে। সংবিধান প্রণেতা ডº বি আৰ আম্বেদকাৰৰ উদ্ধৃতিৰে ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, সামাজিক গণতন্ত্র অবিহনে ৰাজনৈতিক গণতন্ত্ৰ দীৰ্ঘস্থায়ী হব নোৱাৰে। তেওঁ কয় যে, চৰকাৰে সামাজিক ন্যায়ত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে আৰু চৰকাৰে অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু সমাজৰ অন্য উপান্ত শ্ৰেণীসমূহৰ বাবে ভালেমান কল্যাণমূলক উদ্যম গ্ৰহণ কৰিছে। এই প্ৰসংগ ৰাষ্ট্ৰপতিয়ে প্রধানমন্ত্রী সামাজিক উত্থান এবং ৰোজগাৰ আধাৰিত জন কল্যাণ আঁচনি আৰু প্ৰধানমন্ত্ৰী জনজাতি আদিবাসী ন্যায় মহা অভিযানৰ কথা উল্লেখ কৰে। শ্ৰীমতী মুমুৱে কয় যে, ভাৰতবৰ্ষ ৮ শতাংশৰ বাৰ্ষিক গড় বিকাশ হাৰেৰে বিশ্বত সবাতোকৈ দ্রুত বিকাশশীল গুৰুত্বপূৰ্ণ অৰ্থব্যৱস্থাসমূহৰ অন্যতম হৈ উঠিছে। তেওঁ কয় যে, ইয়াৰ ফলত অকল জনসাধাৰণৰ হাতলৈ অধিক ধন অহাই নহয় বৰং দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা লোকৰ সংখ্যাও চকুত লগা ধৰণে হ্ৰাস পাইছে। ভাৰত বিশ্বৰ পঞ্চম সর্ববৃহৎ অর্থব্যৱস্থা হিচাপে পৰিণত হোৱা বুলি উল্লেখ কৰি শ্ৰীমতী মুৰ্মুৱে অনাগত সময়ত দেশ বিশ্বৰ তৃতীয় সর্ববৃহৎ অর্থব্যৱস্থা হব বুলি আস্থা প্ৰকাশ কৰে। খেতিয়ক আৰু শ্ৰমিকসকলৰ কঠোৰ শ্ৰম আৰু নীতি প্ৰণেতাসকলৰ দূৰদৰ্শিতাৰ বাবে এয়া সম্ভৱ হৈ উঠিছে বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয় যে, চৰকাৰে চলিত বৰ্ষৰ জুলাইৰ পৰা ভাৰতীয় ন্যায় সংহিতা প্রণয়ন কৰি ঔপনিবেশিক শাসনকালৰ আৰু এটা চিহ্ন নাইকীয়া কৰিছে। ৰাষ্ট্ৰপতি মুমুৱে নিজৰ ভাষণত এইবছৰ অনুষ্ঠিত সাধাৰণ নিৰ্বাচনক সৰ্ববৃহৎ নির্বাচনী প্রক্রিয়া বুলি অভিহিত কৰে। তেওঁ লগতে ত্রুটিবিহীন আৰু সূচাৰুৰূপে নির্বাচন অনুষ্ঠিত কৰাৰ বাবে নির্বাচন আয়োগক অভিনন্দন জনায়। আজি বিভাজন বিভিষিকা স্মৃতি দিৱস পালন কৰাৰ কথা উল্লেখ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, এই দিৱসে আমাক দেশ বিভাজনৰ ভয়াবহতাৰ কথা সোৱৰাই দিয়ে।

অধিক পঢ়ক

সকলো চাওক