মুম্বাইৰ ভাৰতীয় প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠানত দেশৰ প্ৰথমটো থলুৱাভাৱে নিৰ্মিত চি এ আৰ-টি চিকিৎসা ব্যৱস্থা ৰাষ্ট্ৰৰ নামত উৎসৰ্গা ৰাষ্ট্ৰপতি মুৰ্মুৰ

♦ ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে আজি মুম্বাইৰ ভাৰতীয় প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠানত দেশৰ প্ৰথমটো থলুৱাভাৱে নিৰ্মিত চি এ আৰ-টি চিকিৎসা ব্যৱস্থা ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে। এই উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে, অতিকে সুলভ আৰু বহনসাধ্য চি এ আৰ-টি কোষ চিকিৎসাই সমগ্ৰ মানৱ জাতিৰ বাবে আশাৰ নতুন ৰেঙণি কঢ়িয়াই আনিছে।

Image

ভাৰতৰ প্ৰথম জিন চিকিৎসা ব্যৱস্থাই অগণন ৰোগীক নতুন জীৱন প্ৰদান কৰিবলৈ সমৰ্থ হ’ব বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে আশা প্ৰকাশ কৰে। শ্ৰীমতী মুর্মুৱে কয় যে, এই চিকিৎসা ব্যৱস্থা ৰূপায়ণৰ ফলত আটাইতকৈ উদ্ভাৱনমূলক প্রযুক্তি মঞ্চৰ সুবিধা গ্ৰহণ কৰিবলৈ সক্ষম হোৱা আগশাৰীৰ আৰু অত্যাধুনিক চিকিৎসা সেৱাৰে সু-সজ্জিত দেশৰ তালিকাত ভাৰতবৰ্ষৰ নাম অন্তর্ভুক্ত হ’ল।

Image

এন ই এক্স চি এ আৰ নাইন্টিন চি এ আৰ-টি চিকিৎসা ভাৰতবৰ্ষৰ থলুৱাভাৱে বিকশাই তোলা এনেধৰণৰ প্ৰথম চিকিৎসা ব্যৱস্থা। এন ই এক্স চি এ আৰ নাইণ্টিন বিশ্বৰ আটাইতকৈ বহনসাধ্য চি এ আৰ-টি চিকিৎসা ব্যৱস্থা। মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ৰমেশ বেইছে কৈছে যে, চি এ আৰ-টি কোষ চিকিৎসা অকল জ্যেষ্ঠ ৰোগীসকলৰ বাবে নহয়, বৰং শিশু কৰ্কট ৰোগীসকলৰ বাবেও আশীৰ্বাদস্বৰূপ হ’ব। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠান বোম্বেৰ সঞ্চালক প্ৰফেচৰ সুভাশীষ চৌধুৰী আৰু টাটা মেম’ৰিয়েল চেণ্টাৰৰ সঞ্চালক প্ৰফেচৰ সুদীপ গুপ্তাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে।

https://x.com/rashtrapatibhvn/status/1775811246874628367?s=20

অধিক পঢ়ক

সকলো চাওক