ডাউনলোড
মোবাইল এপ

android apple
signal

নতুন দিল্লীত কাইলৈ ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে প্ৰদান কৰিব ৭০সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কাইলৈ নতুন দিল্লীত ২০২২ বৰ্ষৰ বাবে ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ প্ৰদান কৰিব। এই উপলক্ষে বিশিষ্ট অভিনেতা মিথুন চক্ৰৱৰ্তীক ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হ’ব। কানাড়া ছবি কান্তাৰাত কৰা অভিনয়ৰ বাবে ঋষভ চেট্টিক শ্ৰেষ্ঠ অভিনেতাৰ বঁটাৰে পুৰস্কৃত কৰা হ’ব। লগতে তামিল ছবি তিৰুচিত্রাম্বলমত কৰা অভিনয়ৰ বাবে নিত্যা মেনন আৰু গুজৰাটী ছবি কাটছ্ এক্সপ্ৰেছত কৰা অভিনয়ৰ বাবে মানসী পাৰেখক যুটীয়াভাৱে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা প্ৰদান কৰা হ’ব। অনিৰুদ্ধ ভট্টাচাৰ্য আৰু পাৰ্থিৱ ধৰে লিখা Kishore Kumar : The Ultimate Biography গ্ৰন্থখনক চলচ্চিত্ৰৰ ক্ষেত্ৰত লিখি উলিওৱা সৰ্বোত্তম গ্ৰন্থ হিচাপে পুৰস্কৃত কৰা হ’ব। সৰ্বশ্ৰেষ্ঠ চলচ্চিত্ৰ হিচাপে মালয়ালম ছবি অট্টম আৰু তথ্যচিত্ৰ শিতানত আয়েনা ছবিখনক নিৰ্বাচন কৰা হৈছে। উচায়ি ছবিখনৰ বাবে সুৰজ বৰজাত্যক শ্ৰেষ্ঠ পৰিচালক হিচাপে সন্মানিত কৰা হ’ব। অৰিজিত সিং আৰু বোম্বে জয়শ্ৰীক শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ বঁটাৰে সন্মানিত কৰা হ’ব। আনহাতে, পুনিয়ান চিলভন-১, কে জি এফ-২, ব্ৰহ্মাস্ত্ৰ, অপৰাজিত, এমুঠি পুথি, কাবেৰী অন্তৰ্ধান, দমন আৰু বাকসি দি ধি ছবিকেইখনে আগবঢ়োৱা অৱদানৰ বাবে বিশেষ সন্মান প্ৰদান কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক