ৰাষ্ট্ৰপতি মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ ভোটাধিকাৰ সাব্যস্ত

◊ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি পুৱাৰ ভাগতে নতুন দিল্লীত তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰে। ভোটাধিকাৰ সাব্যস্ত কৰি উপৰাষ্ট্ৰপতিগৰাকীয়ে সংবাদ মাধ্যমক কয় যে, ভোটাধিকাৰ এটা দায়িত্ব আৰু ক্ষমতা।

Read Now :

ভাৰত বিশ্বৰ আটাইতকৈ গতিশীল, সক্ৰিয় আৰু ফলদায়ক গণতন্ত্ৰ বুলিও তেওঁ লগতে কয়। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, কেন্দ্ৰীয় মন্ত্ৰী ড০ এছ জয়শংকৰ, হৰদ্বীপ পুৰী, জ্যেষ্ঠ কংগ্ৰেছ নেত্রী ছোনীয়া গান্ধী, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী ৱাদ্রা, আম আদমী পাৰ্টীৰ নেত্ৰী আতিছি, মুখ্য নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰেও দিল্লীৰ বিভিন্ন ভোটগ্রহণ কেন্দ্ৰত ভোটদান সাব্যস্ত কৰিছে। দেশৰ মুখ্য নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে ভোটাধিকাৰ সাব্যস্ত কৰাৰ পাছত সংবাদ মাধ্যমৰ মুখামুখি হৈ গণতন্ত্ৰৰ এই সৰ্ববৃহৎ মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ সকলো ভোটদাতাকে আহ্বান জনায়। তদুপৰি গৃহ বিভাগৰ সচিব অজয় ভাল্লা, চি পি আই এমৰ নেত্রী বৃন্দা কাৰাট, বিজেপি দলৰ প্ৰাৰ্থী মনোজ তিৱাৰী আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী উদিত ৰাজেও তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰে। আকাশবাণীৰ সংবাদদাতাই জনোৱা অনুসৰি দেশৰ ৰাজধানীৰ প্ৰচণ্ড গৰমকো নেওচি পুৱাৰে পৰাই বহু সংখ্যক ভোটদাতাই ভোটদানৰ বাবে ওলাই আহিছে।

অধিক পঢ়ক

সকলো চাওক