June 20, 2024 8:33 PM | President Murmu

printer

দিব্যাংগ শিশুসকলৰ সৈতে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ মত বিনিময়

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ শাৰীৰিক ভাৱে অক্ষম ব্যক্তিৰ প্ৰতিষ্ঠান দীনদয়াল উপাধ্যায় National Institute for Persons with Physical Disabilities পৰিদৰ্শন কৰে। ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে দিব্যাংগ শিশুসকলৰ সৈতে মত বিনিময় কৰে আৰু শিশুসকলৰ সাংস্কৃতিক প্ৰদৰ্শন উপভোগ কৰে। ইয়াৰ উপৰি ৰাষ্ট্ৰপতি শ্ৰীমতী মুমুৰে পুনৰনিৰ্মাণ কৰা প্রস্থেছিছ আৰু অৰ্থচিছ চেণ্টাৰো পৰিদৰ্শন কৰি ৰোগীসকলৰ সৈতে মত বিনিয়ম কৰে। সভাত ভাষণ দি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুরে কয় যে, এখন দেশ বা সমাজৰ অগ্ৰগতি জুখিব পাৰি, সেই দেশ বা সমাজৰ জনসাধাৰণে দিব্যাংগজনৰ প্ৰতি দেখুওৱা সংবেদনশীলতাত । শ্রীমতী মুমুৱে লগতে কয় যে, সংবেদনশীলতা আৰু সৰ্বাংগীনতা আমাৰ সংস্কৃতি আৰু সভ্যতাৰ অবিচ্ছেদ্য অংগ। দিব্যাংগজনৰ আৰ্থসামাজিক সৱলীকৰণৰ দিশত কাম কৰা প্ৰতিষ্ঠানটোৰ সৈতে জড়িত সকলো লোককে সভাপতিগৰাকীয়ে শলাগ লয়।

অধিক পঢ়ক

সকলো চাওক