সংসদৰ দুয়োখন সদনে কালি লোকসভা আৰু ৰাজ্যসভাৰ যৌথ অধিৱেশনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে দিয়া ধন্যবাদসূচক প্ৰস্তাৱৰ বিষয়ে আলোচনাত মিলিত হয়। এই আলোচনাত বিজেপি সাংসদ অনুৰাগ সিং ঠাকুৰে অংশগ্ৰহণ কৰি বিগত ১০ বছৰত বিজেপি চৰকাৰে জনসাধাৰণৰ কল্যাণ আৰু অৰ্থনীতিৰ ক্ষেত্ৰত ক্ষিপ্ৰতাৰে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰশংসা কৰে। তেওঁ কয় যে দেশৰ ২৫ কোটি জনসাধাৰণক দৰিদ্ৰতাৰ পৰা মুক্ত কৰা হৈছে আৰু চৰকাৰে ৮০ কোটি লোকক প্রধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনাৰ অধীনত বিনামূলীয়া খাদ্য শস্যৰ যোগান ধৰা হৈছে।
ইয়াৰ পূৰ্বে আলোচনাত অংশগ্ৰহণ কৰি বিৰোধী দলপতি ৰাহুল গান্ধীয়ে NEET পৰীক্ষা, অগ্নিবীৰ আঁচনি, অশান্ত মণিপুৰ, বিমুদ্ৰাকৰণ, মুদ্রাস্ফিতীৰ হাৰ বৃদ্ধি, কৃষকৰ সমস্যাকে ধৰি দেশৰ জনসাধাৰণে সন্মুখীন হৈ অহা বিভিন্ন সমস্যা তথা অনিয়মৰ প্ৰসংগও উত্থাপন কৰে। তেওঁ কয় যে, NEET পৰীক্ষা এতিয়া সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ বাবে নহয় বৰঞ্চ অর্থনৈতিকভাৱে সবল শ্ৰেণীৰ লোকসকলৰ অনুকূলেহে গঢ়ি তোলা হৈছে। তেওঁ কয় যে, NEET পৰীক্ষাৰ অনিয়মৰ বিষয়টোৰ ওপৰত বিৰোধী পক্ষই সদনত সম্পূৰ্ণ এটা দিন আলোচনা হোৱাতো বিচাৰে। ভাষণৰ সময়ত ৰাহুল গান্ধীয়ে হিন্দু সম্প্রদায়ক লৈ কৰা এটা মন্তব্যক প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্রী অমিত শ্বাহে আপত্তি দর্শায়। প্রধানমন্ত্রীয়ে কয় যে, সমগ্র হিন্দু সম্প্রদায়ক হিংসাত্মক আখ্যা দিয়াটো এটা অতি গুৰুতৰ অভিযোগ। গৃহমন্ত্ৰীগৰাকীয়ে সেই আপত্তিজনক মন্তব্যৰ বাবে ৰাহুল গান্ধীয়ে সদনত ক্ষমা বিচৰাৰ দাবী উত্থাপন কৰে। এই সন্দৰ্ভত অধ্যক্ষ ওম বিৰলাই কয় যে, সদস্যসকলে ভাষণ দিওঁতে সদনৰ পবিত্ৰতা বৰ্তাই ৰখা উচিত। অগ্নিবীৰ আঁচনিৰ সন্দৰ্ভত ভাষণ দি ৰাহুল গান্ধীয়ে কয় যে, অগ্নিবীৰত কৰ্তব্যৰত অৱস্থাত প্ৰাণ হেৰুৱালে শ্বহীদৰ মৰ্যাদা নাপায়। ইয়াৰ বিৰুদ্ধে আপত্তি দৰ্শাই প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে, ৰাহুল গান্ধীয়ে সদনক বিপথে পৰিচালিত কৰিছে। প্ৰতিৰক্ষামন্ত্ৰীগৰাকীয়ে লগতে কয় যে, কৰ্তব্যৰত অৱস্থাত প্ৰাণ আহুতি দিয়া অগ্নিবীৰৰ পৰিয়ালক চৰকাৰে এক কোটি টকাৰ সাহায্য প্ৰদান কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে ৰাহুল গান্ধীৰ মন্তব্যৰ আপত্তি দৰ্শাই কয়- সদনৰ সদনত প্ৰামাণিক তথ্যহে উত্থাপন কৰিব লাগে। গৃহমন্ত্ৰীগৰাকীও ৰাহুল গান্ধীক ক্ষমা খুজিবলৈ দাবী জনায়।
ইয়াৰ পূৰ্বে বিজেপি সাংসদ বাঞ্চুৰী স্বৰাজে কয় যে, কৃষকৰ কল্যাণ আৰু মহিলা সৱলীকৰণক চৰকাৰে অগ্ৰাধিকাৰ দিছে। তেওঁ কয় যে, পি এম কিষাণ আঁচনিৰ অধীনত এতিয়ালৈকে কৃষকসকলক ৩ লাখ কোটিৰো অধিক ধন প্ৰদান কৰা হৈছে আৰু খাদ্য শস্যৰ ন্যূনতম সমৰ্থন মূল্য বৃদ্ধি কৰি কৃষকসকলক সকাহ দিয়াৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ পূৰ্বে নীট বিষয়ক লৈ বিৰোধী পক্ষই সদন ত্যাগ কৰে। ৰাজ্যসভাতো কালি পুৱা সভাপতি জগদীপ ধনখড়ে বিৰোধী সদস্যসকলে উত্থাপন কৰা স্থগিতকৰণৰ জাননীৰ অনুমতি নাকচ কৰে। ইয়াৰ পাছত সংসদে সদনৰ যৌথ অধিবেশনত ৰাষ্ট্ৰপতিৰ ভাষণৰ সন্দৰ্ভত আলোচনা আৰম্ভ কৰে।