ডাউনলোড
মোবাইল এপ

android apple
signal

November 7, 2024 1:26 PM | President greetings

printer

ষট্ পূজা উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৰ জনসাধাৰণক ওলগ

আজি ষট্ পূজাৰ তৃতীয় দিন। এই উপলক্ষে ভক্তসকলে বিভিন্ন নৈৰ পাৰত অস্তগামী সূৰ্যলৈ অৰ্ঘ্য আগবঢ়াব। কাইলৈ পুৱা উদিত সূৰ্যৰ উপাসনাৰে এই চাৰিদিনীয়া উৎসৱৰ সামৰণি পৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে ষট্ পূজা উপলক্ষে জনসাধাৰণক ওলগ জনাইছে। ৰাষ্ট্ৰপতি মুৰ্মুৱে এটা বার্তাযোগে কৈছে যে ষট্ পূজা দেশৰ প্ৰাচীন উৎসৱসমূহৰ অন্যতম আৰু সূৰ্য দেৱতাৰ উপাসনাৰ এটা উপলক্ষ। তেওঁ কয় যে এই উৎসৱৰ জৰিয়তে প্ৰকৃতিৰ অনন্য উপহাৰস্বৰূপ নৈ আৰু পুখুৰী আদিৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা হয় আৰু কঠিন উপবাসৰ মাধ্যমেৰে মন আৰু আত্মাক শুদ্ধ কৰা হয়। এই উৎসৱে জনসাধাৰণক পৰিবেশ সুৰক্ষিত কৰিবলৈ অনুপ্ৰাণিত কৰে বুলিও ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰে। শ্ৰীমতী মুৰ্মুৱে এই উৎসৱে জনসাধাৰণৰ জীৱনলৈ আনন্দৰ বতৰা কঢ়িয়াই আনিব আৰু ইয়াৰ ফলত প্ৰকৃতিৰ প্ৰতি শ্রদ্ধা বৃদ্ধি পাব বুলি আশা প্রকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক