ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজহুৱা খণ্ডৰ হিচাপ-নিকাচ ব্যৱস্থাৰ ক্ষমতাৰ পৰিধিয়ে পৰম্পৰাগত হিচাপ-নিকাচ ব্যৱস্থাৰ পৰিধিক চেৰ পেলাইছেঃ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মূৱে কৈছে যে, হিচাপ-নিকাচ ফলপ্রসূভাৱে সম্পন্ন কৰাৰ বাবে হিচাপ-নিকাচ ব্যৱস্থাটো প্ৰযুক্তিৰ উত্থানৰ অনুৰূপ হ’ব লাগে। নতুন দিল্লীত আজি সর্বোচ্চ হিচাপ-নিকাচ প্ৰতিষ্ঠানসমূহৰ এছিয় সংস্থাৰ ষষ্ঠদশ সভা উদ্বোধন কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, ৰাজহুৱা খণ্ডৰ হিচাপ-নিকাচ ব্যৱস্থাৰ ক্ষমতাৰ পৰিধিয়ে পৰম্পৰাগত হিচাপ-নিকাচ ব্যৱস্থাৰ পৰিধিক চেৰ পেলাই গৈছে। ইয়াৰ ভিতৰত জন কল্যাণ আঁচনি আৰু প্ৰকল্পৰ ফলপ্ৰসূতা মূল্যায়নৰ নিচিনা বিষয়সমূহো অন্তৰ্ভুক্ত হৈছে। তেওঁ কয় যে, বৰ্তমানৰ প্রযুক্তি চালিত বিশ্বত প্ৰযুক্তিৰ ব্যৱহাৰ কৰি অধিকতৰ সাৰ্বজনিক সেৱা ক্ষিপ্ৰভাৱে প্ৰদান কৰা হৈছে। তেওঁ লগতে কয় যে সম্প্ৰতি বিশ্ব এনে এক সন্দিক্ষণত উপনীত হৈছে য’ত কৃত্রিম বুদ্ধিমত্তা, তথ্য বিশ্লেষণ, মেচিন লার্নিং আৰু ভুস্থানীক প্ৰযুক্তিৰ দৰে উদীয়মান ডিজিটীয় প্ৰযুক্তি আধুনিক শাসন ব্যৱস্থাত মেৰুদণ্ডস্বৰূপ হৈ পৰিছে। ডিজিটীয় ৰাজহুৱা আন্তঃগাথনি ডিপিআই ডিজিটীয় অৰ্থব্যৱস্থাৰ কাম-কাজ আৰু নাগৰিকসকলক প্ৰদান কৰা বিভিন্ন সেৱাৰ প্ৰসাৰৰ ভেটিৰূপে কাম কৰে বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে উল্লেখ কৰে। তেওঁ কয় যে, ডিপিআইৰ ডিজিটীয় পৰিচয়ৰ পৰা ই প্ৰশাসন প্লেটফৰ্মলৈকে সকলো ক্ষেত্ৰতে ৰাজহুৱা সেৱা আৰু সা-সামগ্ৰী প্ৰদানৰ ক্ষেত্ৰত যুগান্তকাৰী পৰিৱৰ্তনৰ সূচনা কৰাৰ, তেনে সেৱা সমূহ অধিক সূলভ, দক্ষ আৰু সৰ্বাত্মক কৰি তোলাৰ সামৰ্থ আছে। ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে কয় যে বিশ্বৰ বিভিন্ন অংশত মহিলা আৰু সমাজৰ দুৰ্বল শ্ৰেণীসমূহৰ বাবে ডিজিটী পদ্ধতি এতিয়াও দুৰ্লভ হৈ আছে আৰু ইয়াৰ ফলস্বৰূপে ডিজিটীয় অৰ্থব্যৱস্থাত এনে লোকৰ প্ৰতিনিধিত্বও কম হৈ আছে। তেওঁ কয় যে, এই ব্যৱধানে অকল তেওঁলোকৰ আৱশ্যকীয় সেৱা লাভৰ সামৰ্থ সীমিত কৰা নাই বৰং অসমানতাও বৃদ্ধি কৰিছে। এই ক্ষেত্ৰত সৰ্বোচ্চ হিচাপে-নিকাচ পৰীক্ষণ সংস্থাৰ ভূমিকা গুৰুত্বপূৰ্ণ বুলি ৰাষ্ট্ৰপতিয়ে মন্তব্য কৰে। তেওঁ কয় যে, হিচাপ-নিকাচ পৰীক্ষক হিচাপে সকলোৰে বাবে সূলভ আৰু সৰ্বাত্মক ডিজিটীয় ৰাজহুৱা আন্তগাঁথনি বিকশাই তোলা আৰু ৰূপায়ণ কৰাটো তেওঁলোকৰ দায়িত্ব। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষকে ভাৰতৰ ৰাজহুৱা বিত্ত ব্যৱস্থাত স্বচ্ছতা আৰু উত্তৰ দায়িত্ব সুনিশ্চিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সংবিধানে নিয়ন্ত্রক আৰু মহালেখা পৰীক্ষকক ব্যাপক কৰ্তৃত্ব আৰু সম্পূৰ্ণ স্বতন্ত্ৰতা প্ৰদান কৰিছে বুলি ৰাষ্ট্ৰপতিয়ে মন্তব্য কৰে। শ্ৰীমতী মুর্মুৱে কয় যে, নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষকৰ কাৰ্যালয়ে সংবিধান প্রণেতাসকলৰ আশা আকাংক্ষা পূৰণ কৰিবলৈ সমৰ্থ হৈছে। এই ৪ দিনীয়া সন্মিলনত স্বচ্ছতা আৰু উত্তৰ দায়িত্ব সুনিশ্চিত কৰাত সৰ্বোচ্চ হিচাপ-নিকাচ পৰীক্ষণ প্ৰতিষ্ঠানসমূহৰ নতুন ভূমিকাৰ বিষয়ে আলোচনা অনুষ্ঠিত হ’ব।

অধিক পঢ়ক

সকলো চাওক