দুর্গা পূজা উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে দেশৰ সকলো নাগৰিকলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, দুর্গা পূজাক অশুভ শক্তিৰ ওপৰ শুভ শক্তিৰ জয় হিচাপে পালন কৰা হয় আৰু মা দুৰ্গাক শক্তিৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। এই উৎসৱটোক দুৰ্গাদেৱীৰ প্ৰতি সম্পূৰ্ণৰূপে নিষ্ঠা আৰু সকলো ধৰ্মৰ মাজত ঐক্য আৰু বুজাবুজিৰ প্ৰসাৰৰ এটা উৎসৱ হিচাপে স্বীকৃতি দিয়া হয়। ৰাষ্ট্ৰপতিগৰাকীয়ে কামনা কৰে যে, মা দুর্গাই এখন ন্যায়সংগত সংবেদনশীল আৰু সমতাপূর্ণ সমাজ গঢ়ি তোলাৰ বাবে যাতে সকলোকে শক্তি, সাহস আৰু দৃঢ়তা প্ৰদান কৰে ৷
Site Admin | October 11, 2024 6:38 PM | President Droupadi Murmu extends greetings to all citizens on occasion of Durga Puja