ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ভাৰত আৰু আলজেৰিয়াৰ মাজৰ অৰ্থনৈতিক সহযোগিতা ত্বৰান্বিত কৰিবলৈ আহ্বান জনাইছে। আলজেৰিয়াৰ ৰাজধানী চহৰ আলজিয়াৰ্ছত উভয় দেশৰ অৰ্থনৈতিক মঞ্চক সম্বোধন কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে দ্বিপাক্ষিক সহযোগিতা অধিক শক্তিশালী কৰাৰ লগতে সহযোগিতাৰ নতুন যুগক নতুন গতি প্ৰদান কৰাৰ প্ৰয়োজনীতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ৰাষ্ট্ৰপতিগৰাকী সম্প্ৰতি ত্রিদেশীয় ভ্রমণসূচীৰ অংশহিচাপে ৰাজধানী চহৰখনত আছে। ভ্রমণসূচীৰ দ্বিতীয় খেপত ৰাষ্ট্ৰপতি শ্ৰীমতী মুর্মু কাইলৈ মৰিটানিয়ালৈ ৰাওনা হ’ব। তাৰপাছত ৰাষ্ট্ৰপতিগৰাকীয়ে ১৭ৰ পৰা ১৯ অক্টোবৰলৈ মালাৱি ভ্ৰমণ কৰিব। এই দেশকেইখন ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতিগৰাকীয়ে শীর্ষ নেতা আৰু বাণিজ্য তথা উদ্যোগ জগতৰ কাণ্ডাৰীসকলক সাক্ষাৎ কৰাৰ কথা আছে। ৰাষ্ট্ৰপতিগৰাকীয়ে তাত বসবাস কৰা ভাৰতীয় লোকসকলৰ সৈতেও মত বিনিময় কৰিব। আফ্ৰিকাৰ দেশসমূহৰ সৈতে ভাৰতৰ সম্পৰ্কক অধিক সম্প্ৰসাৰণ কৰাৰ লগতে সুদৃঢ় কৰাৰ লক্ষ্যৰে ৰাষ্ট্ৰপতিগৰাকীয়ে এই ভ্ৰমণ কৰিছে।
Site Admin | October 15, 2024 11:17 AM | President Droupadi Murmu calls for deeper economic cooperation between India and Algeria