ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে চৰকাৰৰ দুৰ্নীতিৰ প্ৰতি শূন্য সহনশীলতাৰ নীতিয়ে দুর্নীতিক পুলিয়ে পোখাই উৎখাত কৰিব বুলি আস্থা প্ৰকাশ কৰিছে। তেওঁ কয় যে ভাৰতীয় সমাজত সততা আৰু নিয়মানুৱৰ্তিতাক জীৱনৰ আদৰ্শ বুলি গণ্য কৰা হয়। আজি নতুন দিল্লীত কেন্দ্রীয় সতর্কতা আয়োগৰ সতৰ্কতা সজাগতা সপ্তাহৰ লগত সংগতি ৰাখি আয়োজন কৰা এটা অনুষ্ঠানত ভাষণ দি শ্ৰীমতী মুৰ্মুৱে এইদৰে কয়। তেওঁ কয়, যে দুর্নীতি এক প্ৰকাৰৰ বেমাৰ আৰু এয়া পুলিয়ে পোখাই উৎখাত কৰিবই লাগিব। চৰকাৰে দুৰ্নীতি ৰোধ কৰাৰ বাবে ভালেমান ব্যৱস্থা গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰত্যক্ষ লাভ হস্তান্তৰ আঁচনি, ই-মার্কেট প্লেচ আৰু অৰ্থনৈতিক অপৰাধ আইনৰ দৰে কেতবোৰ ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰে। শ্ৰীমতী মুৰ্মুৱে কয় যে দুৰ্নীতিগ্ৰস্ত ব্যক্তিৰ বিৰুদ্ধে ততালিকে আইনী ব্যৱস্থা গ্ৰহণ কৰাটো অত্যন্ত জৰুৰী। তেওঁ কয় যে ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰত হোৱা বিলম্ব অথবা দুর্বল ব্যৱস্থাই অনৈতিক ব্যক্তিসকলক উৎসাহ যোগায়। তেওঁ অৱশ্যে প্ৰতিটো কাৰ্য আৰু ব্যক্তিক সন্দেহৰ দৃষ্টিৰে চোৱা উচিত নহয় বুলি মন্তব্য কৰে। সমাজত ন্যায় আৰু সমতা স্থাপনে যিকোনো ব্যৱস্থাৰ লক্ষ্য হোৱা উচিত বুলি ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰকাশ কৰে। আস্থাক সামাজিক জীৱনৰ ভেটি বুলি উল্লেখ কৰি শ্ৰীমতী মুৰ্মুৱে কয় যে দুর্নীতি অকল অর্থনৈতিক প্ৰগতিৰ বাধাই নহয়, বৰং ইয়াৰ ফলত সমাজত আস্থাও হ্রাস পায়। তেওঁ কয় যে প্ৰতি বছৰে ৩১ অক্টোবৰত চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মবার্ষিকীৰ দিনা জনসাধাৰণে দেশৰ একতা আৰু অখণ্ডতা অক্ষুণ্ণ ৰখাৰ বাবে সংকল্প গ্ৰহণ কৰে। এই সংকল্প পূৰণ কৰাটো দেশৰ সমূহীয়া দায়িত্ব বুলি শ্রীমতী মুর্মুৱে উল্লেখ কৰে। তেওঁ কয় যে চৰকাৰী কাম আৰু কল্যাণমূলক আঁচনিৰ প্ৰতি জনসাধাৰণৰ আস্থা শাসনৰ বাবে শক্তিৰ উৎসস্বৰূপ। অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় সতর্কতা আয়ুক্ত পি কে শ্রীবাস্তৱে কয় যে চৰকাৰে দুৰ্নীতিৰ প্রতি শূন্য সহনশীলতাৰ নীতি অৱলম্বন কৰিছে। অভিযোগ দ্রুত নিষ্পত্তিৰ বাবে ভালেমান ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি তেওঁ প্ৰকাশ কৰে।