ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে দুৰ্নীতিক এটা ৰোগ বুলি উল্লেখ কৰি ইয়াক শিপাৰে সৈতে নিৰ্মূল কৰিব লাগে বুলি মত প্ৰকাশ কৰিছে। আজি নতুন দিল্লীত কেন্দ্রীয় সতর্কতা আয়োগৰ সতৰ্কতা সজাগতা সপ্তাহৰ অনুষ্ঠানত ভাষণ দি শ্ৰীমতী মুৰ্মুৱে এইদৰে কয় । ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে, চৰকাৰে দুৰ্নীতি নিবাৰণৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰে ভালেমান পদক্ষেপৰ বিষয়ে উল্লেখ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰত্যক্ষ লাভ হস্তান্তৰ আঁচনি, ই-মার্কেট প্লেচ আৰু অৰ্থনৈতিক অপৰাধী আইনৰ বিষয়েও আলোকপাত কৰে। ৰাষ্ট্ৰপতিয়ে কয় যে, কেন্দ্ৰীয় সতর্কতা আয়োগে চৰ্দাৰ বল্লবভাই পেটেলৰ জন্মবার্ষিকীৰ লগত সংগতি ৰাখি প্ৰতিবছৰে এই সপ্তাহ পালন কৰি অহা হৈছে। বিশ্বাসেই এখন সমাজৰ মূল ভেটি বুলি উল্লেখ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰে সমাজত বিশ্বাসৰ অভাৱ ঘটায়। এইবেলি ৰাষ্ট্ৰৰ সমৃদ্ধিৰ বাবে সততাৰ সংস্কৃতিৰ মূলমন্ত্ৰৰে ২৮ অক্টোবৰৰ পৰা ৩ নৱেম্বৰলৈ এই সপ্তাহ পালন কৰা হয়। সতর্কতা সজাগতা সপ্তাহৰ লগতে আয়োগে ১৬ আগষ্টৰ পৰা ১৫ নৱেম্বৰলৈ তিনিমহীয়া প্ৰতিৰোধমূলক সতর্কতা অভিযানৰ আয়োজন কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰ্যালয় আৰু সংস্থাই এই অভিযানত ভাগ লৈছে।