ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু পৰ্তুগালৰ ৰাজধানী লিছবনত উপস্থিত হয়। ভ্রমণকালত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে পৰ্তুগালৰ ৰাষ্ট্ৰপতি মাৰ্ছেলো ৰেবেলো ডি ছুচাক সাক্ষাৎ কৰিব আৰু প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হ’ব। শ্রীমতী মুর্মুৱে পৰ্তুগালৰ প্ৰধানমন্ত্ৰী লুইচ মণ্টেগ্ৰো আৰু নেচনেল এছেম্বলীৰ অধ্যক্ষ জোছ পেড্ৰ’ অগুইৰ ব্ৰেংকোক সাক্ষাৎ কৰিব। ইয়াৰ পাছতে ৰাষ্ট্ৰপতি শ্ৰীমতী মুর্মু শ্লোভাকিয়ালৈ ৰাওনা হ’ব। ভ্রমণকালত তেওঁ শ্লোভাকিয়াৰ ৰাষ্ট্ৰপতি পিটাৰ পেলেগ্রিণি আৰু প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকোৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব। এইবছৰ ভাৰত আৰু পৰ্তুগালৰ মাজত কূটনৈতিক সম্পৰ্কৰ পুনৰ স্থাপনৰ ৫০ বছৰ পূৰ্তি উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে দেশখন ভ্ৰমণ কৰিব। ২৭ বছৰ পাছত এয়া হ’ব এগৰাকী ভাৰতীয় ৰাষ্ট্ৰপতিৰ পৰ্তুগাল ভ্ৰমণ। ভাৰত আৰু পৰ্তুগালে বিগত বহু বছৰ ধৰি ঐতিহাসিক আৰু বন্ধুত্বপূৰ্ণ দ্বিপাক্ষিক সম্পৰ্ক ৰক্ষা কৰি আহিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৰ এই ভ্রমণে পৰ্তুগালৰ সৈতে ভাৰতৰ সম্পৰ্ক অধিক উন্নত কৰিব বুলি আশা কৰা হৈছে । ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ শ্লোভাকিয়া ভ্রমণে ভাৰত আৰু শ্লোভাকিয়াৰ মাজত দ্বিপাক্ষিক সম্পর্ক শক্তিশালী কৰাৰ লগতে সম্প্ৰসাৰিত কৰিব। পৰ্তুগাল আৰু শ্লোভাকিয়া ভ্ৰমণৰ জৰিয়তে ইউৰোপীয় সংঘৰ সৈতে ভাৰতৰ সম্পৰ্ক শক্তিশালী হ’ব বুলিও আশা কৰা হৈছে।
Site Admin | April 7, 2025 12:06 PM | President Droupadi Murmu arrived in Lisbon
পৰ্তুগালৰ ৰাজধানী লিছবনত ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মু
