ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কৈছে যে, উজ্জয়িনীৰ মহাকালত সংস্কৃতি আৰু সভ্যতাৰ পৰম্পৰা কেইবা শতিকাজুৰি প্ৰচলিত হৈ আহিছে। উজ্জ্বয়িনীত আজি চাফাই মিত্র সন্মিলনত অংশগ্ৰহণ কৰি দিয়া ভাষণত তেওঁ এই কথা প্ৰকাশ কৰে। শ্ৰীমতী মুৰ্মুৱে লগতে ইন্দোৰ-উজ্জয়িনী সংযোগী ছটা শাৰীযুক্ত পথ প্ৰকল্পৰ ভূমি পূজন অনুষ্ঠানো ভার্চুৱেল ব্যৱস্থাৰ জৰিয়তে সম্পন্ন কৰে। এই অনুষ্ঠানত দিয়া ভাষণত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, বিগত ১০টা বছৰত পৰিচ্ছন্নতা অভিযান এটা ৰাষ্ট্ৰজোৰা কাৰ্যসূচী হিচাপে পৰিগণিত হৈছে আৰু এই অভিযানে দেশত অভূতপূৰ্ব পৰিৱৰ্তন সাধন কৰিছে। মধ্যপ্ৰদেশৰ কেইবাখনো নগৰ, মহানগৰক ইতিমধ্যে চাফাই মিত্ৰৰ বাবে নিৰাপদ নগৰ হিচাপে ঘোষণা কৰাৰ বিষয়ে জানিব পাৰি সুখী হোৱা বুলি তেওঁ মত প্ৰকাশ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় যে, ২০২৫ চনলৈকে চলিবলগীয়া স্বচ্ছতা ভাৰত অভিযানৰ দ্বিতীয় পৰ্যায়ত আমি সম্পূৰ্ণ পৰিচ্ছন্নতাৰ লক্ষ্যত উপনীত হ’ব লাগিব। অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ড০ মোহন যাদৱে কয় যে, মধ্যপ্রদেশে স্বচ্ছ ভাৰত অভিযানৰ ক্ষেত্ৰত দেশৰ ভিতৰতে দ্বিতীয় স্থান দখল কৰিছে। ইন্দোৰে সাতবাৰ দেশৰ ভিতৰত সবাতোকৈ পৰিচ্ছন্ন নগৰৰ মৰ্যাদা লাভ কৰাৰ লগতে ভূপালেও দেশৰ ভিতৰত পৰিচ্ছন্ন ৰাজধানী হিচাপে গৌৰৱময় সন্মান লাভ কৰা বুলি তেওঁ প্ৰকাশ কৰে। আনহাতে আজিৰ এই অনুষ্ঠানত ভাষণ দি মধ্যপ্ৰদেশৰ ৰাজ্যপাল মংগোভাই পেটেলে কয় যে, উজ্জ্বয়িনী-ইন্দোৰ সংযোগী ছয় শাৰীযুক্ত ৰাষ্ট্ৰীয় ঘাইপথটোৱে আধ্যাত্মিক- সাংস্কৃতিক দিশৰ পৰা সমৃদ্ধিশালী নগৰ উজ্জ্বয়িনীলৈ আহিবলগীয়া ভক্তসকলৰ বাবে সুচলতাৰ সৃষ্টি কৰিব। একেসময়তে এই ৰাষ্ট্ৰীয় ঘাইপথটোৱে পর্যটন, সামাজিক আৰু ধৰ্মীয় দিশৰ পৰাও অঞ্চলটোৰ উন্নয়ন সাধন কৰিব বুলি তেওঁ আশা প্রকাশ কৰে। উল্লেখযোগ্য যে আজিৰ এই অনুষ্ঠানত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে পাঁচগৰাকী অনাময় কৰ্মীক সন্মান প্ৰদান কৰে।
Site Admin | September 19, 2024 7:00 PM | President Droupadi Murmu addresses the Safai Mitra Sammelan in Ujjain