দেওবাৰে ৰাষ্ট্ৰপতি ভৱনত তৃতীয়বাৰৰ বাবে প্রধানমন্ত্ৰী মোদীৰ শপতগ্ৰহণ

প্রধানমন্ত্ৰী পদৰ বাবে মনোনীত নৰেন্দ্ৰ মোদীয়ে কালি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক সাক্ষাৎ কৰে আৰু চৰকাৰ গঠনৰ বাবে দাবী উত্থাপন কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কাইলৈ সন্ধিয়া ৭.১৫ মিনিটত ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত নৰেন্দ্ৰ মোদী আৰু তেওঁৰ মন্ত্ৰীসভাৰ সদস্যসকলক শপত বাক্য পাঠ কৰাব। ইয়াৰ পূৰ্বে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ নেতৃত্বত এন ডি এ-ৰ এটা প্ৰতিনিধি দলেও ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰে আৰু নৰেন্দ্ৰ মোদীক বিজেপি সংসদীয় দলৰ নেতা বাছনি কৰা বুলি উল্লেখ কৰি এখন পত্ৰ প্ৰদান কৰে। এন ডি এৰ অংশীদাৰ দলসমূহৰ সমৰ্থনৰ পত্ৰও ৰাষ্ট্ৰপতিৰ ওচৰত অৰ্পণ কৰা হয়।
ৰাষ্ট্ৰপতি ভৱনৰ বাহিৰত শ্ৰীমোদীয়ে কয় যে এন ডি এই এখন শক্তিশালী, সুস্থিৰ আৰু বিকাশমুখী চৰকাৰ গঠন কৰিব। শ্রীমোদীয়ে কয় যে, ৰাষ্ট্ৰপতিয়ে তেওঁক কার্যবাহী প্রধানমন্ত্রী হিচাপে মনোনীত কৰিছে আৰু তেওঁ ৰাষ্ট্ৰপতিক দেওবাৰে শপতগ্রহণ অনুষ্ঠানৰ আয়োজন কৰিলে কোনো অসুবিধা নাই বুলি অৱগত কৰিছে। ৰাষ্ট্ৰপতি ভৱনে এতিয়া শপতগ্রহণ অনুষ্ঠানৰ সৱিশেষ যুগুত কৰিব আৰু তেতিয়ালৈকে মন্ত্ৰী পৰিষদৰ সদস্যসকলৰ নাম ৰাষ্ট্ৰপতিৰ ওচৰত দাখিল কৰা হ’ব বুলি শ্রীমোদীয়ে উল্লেখ কৰে।
তেওঁ কয় যে, জনসাধাৰণে এন ডি এ চৰকাৰক আৰু এটা সুযোগ দিছে আৰু অষ্টাদশ লোকসভা নতুন আৰু যুৱ শক্তিৰ ভৱন। শ্রীমোদীয়ে কয় যে, তেওঁৰ চৰকাৰে দেশৰ জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণ কৰিব। তেওঁ লগতে সুস্থিৰ চৰকাৰ দেশ, অৰ্থ ব্যৱস্থা আৰু যুৱ প্ৰজন্মৰ বাবে লাভদায়ক হিচাপে প্ৰমাণিত হ’ব বুলি প্ৰকাশ কৰে। শ্ৰীমোদীয়ে তেওঁৰ চৰকাৰে ৰাষ্ট্ৰৰ দ্ৰুত বিকাশৰ বাবে চেষ্টাৰ অকণো ত্রুটি নকৰে বুলি আশ্বাস দিয়ে ৷ ৰাষ্ট্ৰপতি ভৱনে সামাজিক মাধ্যম যোগে কৈছে যে, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মৱে কালি সংবিধানৰ ৭৫ (১) অনুচ্ছেদৰ অধীনৰ ক্ষমতা প্রয়োগ কৰি শ্ৰীমোদীক ভাৰতৰ প্ৰধানমন্ত্রী পদত নিযুক্তি দিছে। ৰাষ্ট্ৰপতিয়ে শ্রীমোদীক মন্ত্ৰী পৰিষদৰ অন্য সদস্যসকলৰ নাম আৰু ৰাষ্ট্ৰপতি ভৱনত হ’বলগীয়া শপতগ্রহণ অনুষ্ঠানৰ দিন-বাৰ-সময় সম্পৰ্কে পৰামৰ্শ আগবঢ়াবলৈ কৈছে।
ইয়াৰ পূৰ্বে এন ডি এৰ সংসদীয় দলে সৰ্বসন্মতিক্রমে নৰেন্দ্ৰ মোদীক ইয়াৰ নেতা বাছনি কৰিছে। নতুন দিল্লীৰ পুৰণি সংসদ ভৱনৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত এন ডি এৰ সংসদীয় দলৰ বৈঠকত বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে শ্রীমোদীক এন ডি এৰ নেতা বাছনি কৰাৰ বাবে এটা প্ৰস্তাৱ উত্থাপন কৰে আৰু মিত্ৰজোঁটৰ সকলো সহযোগী দলৰ নেতৃবৰ্গই প্ৰস্তাৱটোৰ প্ৰতি সমৰ্থন আগবঢ়ায়। শ্রীমোদীক লোকসভাত বিজেপিৰ নেতা আৰু বিজেপিৰ সংসদীয় দলৰ নেতা হিচাপেও বাছনি কৰা হৈছে।
শ্রীমোদীৰ নাম প্ৰস্তাৱ কৰি কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে কয় যে, তেওঁ এই পদৰ বাবে আটাইতকৈ উপযুক্ত ব্যক্তি। তেওঁ কয় যে, এন ডি এ মিত্রজোঁট বাধ্য-বাধকতা নহয়, বৰং আমাৰ প্ৰতিশ্ৰুতিহে। কেন্দ্ৰীয় মন্ত্রী অমিত শ্বাহ আৰু নীতিন গাডকাৰীয়ে প্ৰস্তাৱটোৰ প্ৰতি সমৰ্থন আগবঢ়ায়। প্ৰস্তাৱটোৰ প্ৰতি সমর্থন আগবঢ়াই কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কয় যে, এয়া অকল এন ডি এ সংসদীয় দলৰ বৈঠকত উপস্থিত থকা নেতাসকলৰেই নহয়, বৰং দেশৰ ১৪০ কোটি জনসাধাৰণৰ আকাংক্ষা।
আনহাতে, বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে কয় যে, প্রধানমন্ত্রী মোদীয়ে দেশক সমৃদ্ধিশালী আৰু মহা শক্তিৰূপে গঢ়ি তোলাৰ বাবে সম্পূৰ্ণ নিষ্ঠাৰে কাম কৰি আহিছে। তেলেগু দেশম পাৰ্টীৰ মুৰববী চন্দ্ৰবাবু নাইডুৱে কয় যে, এন ডি এ চৰকাৰে নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত বিগত ১০ বছৰত ভালেমান গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে। এই সময়ছোৱাত দেশ চমকপদ প্ৰগতি আৰু পৰিৱৰ্তনৰ সাক্ষী হৈছে বুলিও তেওঁ উল্লেখ কৰে। প্রধানমন্ত্ৰী মোদীৰ প্ৰতি সমৰ্থন আগবঢ়াই বিহাৰৰ মুখ্যমন্ত্ৰী তথা জে ডি ইউৰ সভাপতি নীতিশ কুমাৰে কয় যে, আমি সকলো ঐক্যবদ্ধ হোৱাটো ভাল কথা আৰু আমি সকলোৱে এতিয়া নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কাম কৰি যাম।
এই উপলক্ষে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কয় যে, এন ডি এ ক্ষমতাৰ বাবে একগোট হোৱা ৰাজনৈতিক দলৰ এটা গোট নহয়, বৰং ৰাষ্ট্ৰপ্ৰথম নীতিৰে কাম কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ এটা মিত্ৰজোঁট। দেশৰ ইতিহাসত এন ডি এ সবাতোকৈ সফল মিত্ৰজোঁট বুলি অভিহিত কৰি শ্ৰীমোদীয়ে কয় যে, সকলো সিদ্ধান্তৰ ক্ষেত্ৰত সহমতত উপনীত হোৱাই আমাৰ লক্ষ্য। তেওঁ কয় যে, দেশৰ জনসাধাৰণে ২২ খন ৰাজ্যত চৰকাৰ গঠনৰ জনাদেশ প্ৰদান কৰি এন ডি এক তেওঁলোকক সেৱা কৰাৰ সুযোগ দিছে। তেওঁ কয় যে এন ডি এ চৰকাৰ জনসাধাৰণৰ জীৱনত ন্যূনতম হস্তক্ষেপ, সুশাসন আৰু উন্নয়নত গুৰুত্ব আৰোপ কৰিব। তেওঁ কয় যে, বিগত ১০ বছৰত এন ডি এই দেশক সফলতাৰ নতুন শিখৰলৈ লৈ যোৱাৰ বাবে কাম কৰিছে। বৈঠকত বিজেপিৰ সভাপতি জে পি নাড্ডা, কেন্দ্রীয় মন্ত্ৰী পীয়ুষ গোৱেল, অনুৰাগ সিং ঠাকুৰ, এল জে পি আৰৰ মুৰববী চিৰাগ পাছোৱান, এন চি পিৰ নেতা অজিত পাৱাৰ, আৰ এল ডিৰ মুৰববী জয়ন্ত চৌধুৰী, জনসেনাৰ মুৰববী পৱন কল্যাণ, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে, মধ্যপ্ৰদেশৰ মুখ্যমন্ত্রী মোহন যাদৱ, গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ শাৱন্ত, মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিং আৰু গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্র পেটেল প্ৰমুখ্যে ভালেমান নেতা উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক