ডাউনলোড
মোবাইল এপ

android apple
signal

October 29, 2024 8:09 PM | President

printer

ৰাষ্ট্ৰপতি ভৱনত শিল্পকৰ্মৰ প্ৰদৰ্শনী পৰিদৰ্শন শ্রীমতী দ্রৌপদী মুৰ্মুৰ

আজি ৰাষ্ট্ৰপতি ভৱনত শিল্পীসকলৰ এটা দলে ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুমুর্ক সাক্ষাৎ কৰে। যোৱা কেইবাদিনো ধৰি ৰাষ্ট্ৰপতি ভৱনত বাহৰ পাতি থকা শিল্পীসকলে আগবঢ়োৱা শিল্পকৰ্মৰ প্ৰদৰ্শনী এখন ৰাষ্ট্ৰপতিগৰাকীয়ে পৰিদৰ্শন কৰে। শিল্পীসকলৰ শিল্পকৰ্মৰ প্ৰশংসা কৰি তেওঁ কয় যে, এই শিল্পকৰ্মসমূহে মানৱ আৰু প্ৰকৃতিৰ মাজৰ চিৰন্তন সম্পৰ্ক প্ৰতিফলিত কৰিছে। তেওঁ লগতে সকলোকে শিল্পীসকলক উৎসাহ প্ৰদানৰ বাবে তেওঁলোকৰ শিল্পকৰ্মসমূহ ক্ৰয় কৰিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে, এই শিল্পীসকলে সৃজন-২০২৪ৰ আর্ট ইন ৰেচিডেন্সি শীৰ্ষক এক পদক্ষেপৰ অন্তৰ্ভুক্ত হৈ এইমাহৰ ২১ তাৰিখৰ পৰা ৰাষ্ট্ৰপতি ভৱনত বাস কৰি আছে। এই সময়ছোৱাত প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰি তেওঁলোকে বহু চিত্ৰ কৰ্মৰ সৃষ্টি কৰিছে যত জনগোষ্ঠীয়, চৌৰা, গোন্দ, ৱৰ্লি, আইপান আৰু চোহৰায় – এইসমূহ শিল্প কৰ্মৰ প্ৰতিফলন ঘটিছে।

অধিক পঢ়ক

সকলো চাওক