ত্রিদেশীয় ভ্রমণসূচীৰ অংশ হিচাপে সম্প্রতি আলজেৰিয়াত থকা ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক আজি অলজিয়াৰ্ছৰ চিডি অব্দেলাহ বিজ্ঞান আৰু প্ৰযুক্তি পোলে বিশ্ববিদ্যালয়ৰ সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হয় ৷ আলজেৰিয়াৰ উচ্চ শিক্ষা আৰু বৈজ্ঞানিক গৱেষণা মন্ত্ৰী কমাল বদ্রিয়ে ৰাষ্ট্ৰপতিক এই ডিগ্ৰী অৰ্পণ কৰে। এই উপলক্ষে শ্রীমতী মুর্মুৱে এই ডক্টৰেট ডিগ্ৰীক দেশৰ সন্মান বুলি অভিহিত কৰে। তেওঁ কয় যে, ভাৰত অনাদিকালৰে পৰা শান্তি আৰু সমৃদ্ধিশালী বিশ্বৰ হকে থিয় দি আহিছে। শিক্ষাই অসমানতা দূৰ কৰে আৰু সকলোৰে বাবে সমান সুযোগ নিশ্চিত কৰে বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰে। তেওঁ আলজেৰিয়াৰ চৰকাৰ, উচ্চ শিক্ষা বিভাগ আৰু শিক্ষাৰ্থীসকলক ভাৰতৰ আই টি ই চি কাৰ্য্যসূচী আৰু অন্য জলপানি আঁচনিৰ সুযোগ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। ৰাষ্ট্ৰপতি মুৰ্মুৱে কয় যে, দুয়োখন দেশৰ যুৱক-যুৱতী উভয় দেশৰ বাবে এখন শক্তিশালী সেতুস্বৰূপ আৰু এনে কাৰ্য্যসূচীয়ে দুয়ো দেশৰ মাজৰ সৌহার্দ্যপূৰ্ণ সম্পর্ক অধিক শক্তিশালী কৰি তুলিব।
Site Admin | October 15, 2024 8:18 PM | President
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক অলজিয়াৰ্ছৰ চিডি অব্দেলাহ বিজ্ঞান আৰু প্ৰযুক্তি পোলে বিশ্ববিদ্যালয়ৰ সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান
