ডাউনলোড
মোবাইল এপ

android apple
signal

October 14, 2024 12:09 PM | President India

printer

ভাৰত-আলজেৰিয়াৰ মাজত সম্পৰ্ক শক্তিশালী আৰু সম্প্ৰসাৰণ কৰাৰ সন্দৰ্ভত বৈঠক

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আলজেৰিয়া, ৰিটেনিয়া আৰু মলাৱিৰ ত্ৰিদেশীয় ভ্রমণসূচীৰ প্ৰথম পৰ্যায়ত যোৱানিশা আলজেৰিয়াৰ ৰাজধানী আলজিয়াৰ্ছত উপস্থিত হয়। এই ভ্ৰমণৰ আজি দ্বিতীয় দিনা ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰত-আলজেৰিয়াৰ মাজৰ সম্পৰ্ক শক্তিশালী আৰু সম্প্ৰসাৰণ কৰাৰ উদ্দেশ্যে দেশখনৰ নেতৃবৰ্গৰ সৈতে কেইবাখনো দ্বিপাক্ষিক বৈঠকত মিলিত হব। কালি আলজিয়ার্ছ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হোৱাৰ পাছত দেশখনৰ ৰাষ্ট্ৰপতি আব্দেলমজিদ টেবুনে ৰাষ্ট্রপতি শ্রীমতী মুমুর্ক আনুষ্ঠানিকভাৱে আদৰণি জনায়। ইয়াৰ পাছত এটা সমূহীয়া অভ্যর্থনা অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্ৰীমতী মুৰ্মুৱে আলজেৰিয়াত বাস কৰা প্ৰৱাসী ভাৰতীয়সকলৰ প্ৰচেষ্টাৰ শলাগ লয় আৰু দুয়ো দেশৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰাৰ বাবে ভাল কামসমূহ অব্যাহত ৰাখিবলৈ আহ্বান জনায়। ৰাষ্ট্ৰপতি মুৰ্মুৱে আজি আলজেৰিয়াৰ স্বাধীনতা সংগ্ৰামৰ শ্বহীদসকলৰ মেগাম ইছাহিদ পৰিদৰ্শন কৰিব। তেওঁ লগতে মুজাহিদ সংগ্রহালয়ো পৰিদৰ্শন কৰিব। শ্রীমতী মুৰ্মুৰে দেশখনৰ ৰাষ্ট্ৰপতি মজিদৰ লগতে শীৰ্ষ পৰ্যায়ৰ অন্য প্রতিনিধিসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হব। আজি তেওঁ দেশখনত বাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলকো সম্বোধন কৰিব। ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত ৰাষ্ট্ৰপতি মুর্মু ১৬ অক্টোবৰত মৰিটেনিয়াত উপস্থিত হব আৰু অন্তিম পর্যায়ত ১৭ৰ পৰা ১৯ অক্টোবৰলৈ মলাৱিত ভ্ৰমণ কৰিব। দেশ কেইখনৰ ভ্ৰমণকালত ৰাষ্ট্ৰপতিগৰাকীয়ে কেইবাখনো দ্বিপাক্ষিত আলোচনাত মিলিত হব আৰু আগশাৰীৰ উদ্যোপতি আৰু ব্যৱসায়সকলৰ সৈতে মত বিনিময় কৰিব। তেওঁ লগতে দেশ কেইখনত বাস কৰা প্ৰৱাসী ভাৰতীয়সকলৰ সৈতেও কথোপকথনত মিলিত হব।

অধিক পঢ়ক

সকলো চাওক