ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি মহাৰাষ্ট্ৰৰ লাটুল জিলাৰ উদগীৰত বিশ্ব শান্তি বৌদ্ধ বিহাৰ মুকলি কৰিব। অনুষ্ঠানত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণন, মুখ্যমন্ত্রী একনাথ সিন্দে, কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠাৱালে আৰু উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছ আৰু অজিত পাৱাৰ উপস্থিত থাকিব। ৰাষ্ট্ৰপতিয়ে লগতে শাসন অপল্যা দাৰি আৰু মুখ্যমন্ত্ৰী মাঝি লড়কী বহিন যোজনাৰ হিতাধিকাৰী সকলকো সাক্ষাৎ কৰিব । ৰাষ্ট্ৰপতি মুমু নাদেড়ৰ টৰ্ট ছচখণ্ড শ্ৰী হুজুৰ শ্বাহিদ গুৰুদ্বাৰো পৰিদৰ্শন কৰিব। শ্ৰীমুর্মু তিনি-দিনীয়া মহাৰাষ্ট্ৰ ভ্ৰমণসূচীৰে সম্প্ৰতি মহাৰাষ্ট্ৰত আছে।
Site Admin | September 4, 2024 11:53 AM | President