ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু ৩ দিনীয়া মহাৰাষ্ট্ৰ ভ্ৰমণসূচীৰে আজি কোলহাপুৰত উপস্থিত হয়। মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণণে তেওঁক স্বাগতম জনায়। শ্ৰীমতী মুমুয়ে ইয়াৰ পাছত কৰবীৰ নিৱাসিনী শ্ৰীমহালক্ষ্মী মন্দিৰ দৰ্শন কৰি পুজা অৰ্চনা কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে বিয়লি কোলহাপুৰৰ ৱানানগৰত শ্ৰীৱাৰণা মহিলা সমবায় গোটৰ সোণালী জয়ন্তীৰ অনুষ্ঠানত অংশ গ্ৰহণ কৰে। কাইলৈ তেওঁ পুণেৰ চিম্বায়ছিছ আন্তৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ৰ ২১ সংখ্যক সমাৱৰ্তনত অংশ লব। তেওঁ লগতে মুম্বাইৰ মহাৰাষ্ট্ৰ বিধান পৰিষদৰ শতবৰ্ষ উপলক্ষে আয়োজন কৰা অনুষ্ঠানতো অংশগ্ৰহণ কৰিব। ভ্ৰমণৰ শেষৰ দিনা শ্ৰীমতী মুমুৱে লাটুৰ উদগীৰত বুদ্ধ বিহাৰ উন্মোচন কৰাৰ লগতে চৰকাৰৰ কেতবোৰ আঁচনিৰ হিতাধিকাৰীৰ সৈতে বাৰ্তালাপ কৰিব ।
Site Admin | September 2, 2024 8:15 PM | President
৩ দিনীয়া মহাৰাষ্ট্ৰ ভ্ৰমণসূচীৰে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আজি কোলহাপুৰত উপস্থিত
