ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে পর্তুগাল আৰু শ্ল’ভাকিয়া ভ্ৰমণ সফলতাৰে সামৰি স্বদেশলৈ উভতি আহিছে। তাত তেওঁ দুয়োখন দেশৰ সৈতে ভাৰতৰ দ্বিপাক্ষিক সম্পর্ক শক্তিশালী কৰাৰ উদ্দেশ্যে কেইবাখনো উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয়। শ্লাভাকিয়াৰ ৰাষ্ট্ৰপতি পীটাৰ পেলিগ্ৰিণীৰ আমন্ত্রণমৰ্মে শ্ৰীমতী মুৰ্মু দেশখলৈ গৈছিল। এয়া আছিল বিগত ২৯ বছৰত কোনো এগৰাকী ভাৰতীয় ৰাষ্ট্ৰপতিৰ প্ৰথম শ্লাভাকিয়া ভ্ৰমণ। এই ভ্ৰমণৰ সৈতে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে শ্লভাকিয়াৰ ৰাষ্ট্ৰপতি পীটাৰ পেলিগ্রিণী, প্রধানমন্ত্ৰী ৰবাৰ্ট ফিকো আৰু অন্যান্য প্রতিনিধিসকলৰ সৈতে বৈঠকত মিলিত হৈ পাৰস্পৰিক সহযোগিতা বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰে। উভয়ে দেশে মহাকাশ আৰু কৃত্রিম বুদ্ধিমত্তা আদিকে ধৰি ন-ন প্ৰযুক্তিখণ্ডত সহযোগিতাৰ লগতে চাইবাৰ সুৰক্ষা ক্ষেত্ৰত ন-ন সুযোগ অন্বেষণৰ বিষয়তো আলোচনা কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে শ্লাভাকিয়াৰ ৰাজধানীত ভাৰতীয় মূলৰ লোকসকলক উদ্দেশ্যিও ভাষণ দিয়ে। তেওঁ ভাৰত আৰু শ্ল’ভাকিয়াৰ মাজৰ বৰ্ধিত সাংস্কৃতিক সম্পৰ্কৰ ওপৰত আলোকপাত কৰি শ্লাভাকিয়াত ভাৰতীয় ঐতিহ্য, পৰম্পৰা তথা যোগ, আয়ুৰ্বেদ আৰু ভাৰতীয় খাদ্যাভাসৰ জনপ্ৰিয়তা সন্দৰ্ভত মন্তব্য কৰে।
ভ্রমণসূচীৰ প্ৰথম পৰ্যায়ৰ পৰ্টুগাল ভ্ৰমণ সামৰি শ্ৰীমতী মুর্মু শ্লাভাকিয়াত উপস্থিত হয়। এয়া আছিল বিগত ২৭ বছৰত কোনো এগৰাকী ভাৰতীয় ৰাষ্ট্ৰপতিৰ উত্তৰ ইউৰোপীয় দেশ ভ্রমণ। মুক্ত বাণিজ্য চুক্তি সন্দৰ্ভত ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত আলোচনা চলি থকাৰ সময়ত তেওঁৰ এই ভ্ৰমণ গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। এই ভ্ৰমণৰ সময়ত শ্ৰীমতী মুৰ্মুৱে পৰ্টুগালৰ শীৰ্ষ নেতাসকলক সাক্ষাৎ কৰি দুয়োখন দেশৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰা সন্দৰ্ভত আলোচনা কৰে।