ডাউনলোড
মোবাইল এপ

android apple
signal

April 10, 2025 8:29 PM | President

printer

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৰ ব্রাতিশ্লাভাত শুভক-ইণ্ডিয়া বিজনেচ ফ’ৰাম মুকলি

শ্লোভাকিয়া ভ্ৰমণৰত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুয়ে আজি ব্রাতিস্লাভাত শুভক-ইণ্ডিয়া বিজনেচ ফ’ৰাম মুকলি কৰে। অনুষ্ঠানত শ্লভাকিয়াৰ ৰাষ্ট্ৰপতি পিটাৰ পেলেগ্রিনি আৰু বৈদেশিক মন্ত্রী জুৰাজ ব্লানাৰো উপস্থিত থাকে । ব্যৱসায়িক সম্ভাৱনাক সচা সহযোগিতালৈ পৰিৱৰ্তিত কৰাৰ লগতে সহযোগী গঠনৰ ক্ষেত্ৰত এই ফ’ৰাম মূল চাবিকাঠি হব বুলিও ৰাষ্ট্ৰপতি শ্ৰীমতী মুমুৱে আলোকপাত কৰে। শ্ৰীমতী মুমুৱে ভাৰতক দ্রুত বিকশিত অৰ্থনীতিৰ দেশ হিচাপে অভিহিত কৰাৰ লগতে অদূৰ ভৱিষ্যতে বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতিৰ দেশ হব বুলিও দৃঢ়তাৰে কয়৷

শ্লোভাকিয়াৰ উদ্যোগিক শক্তি আৰু কৌশলগত অৱস্থানক আলোকপাত কৰি শ্ৰীমতী মুৰ্মুৱে কয়, যে শ্লোভাকিয়াই ভাৰতক বিকাশ আৰু সহযোগিতাৰ বাবে যথেষ্ট সুযোগ প্ৰদান কৰিছে। তেওঁ লগতে কয়, যে ভাৰতৰ দক্ষ মানৱ সম্পদ শ্লোভাকিয়াৰ অৰ্থনীতিৰ বাবে মূল্যৱান সম্পদৰূপে বিবেচিত হব। শ্লোভাকিয়াৰ ৰাষ্ট্ৰপতি পেলিগ্রিনিয়ে কয় যে দূৰত্বৰ ব্যৱধান সত্তেও ভাৰত আৰু শ্লোভাকিয়াৰ সম্পৰ্ক শক্তিশালী হৈছে। তেওঁ কয়, যে শ্লোভাকিয়াৰ সুদক্ষ অভিযান্ত্ৰিক ব্যৱস্থাৰ সৈতে ভাৰতৰ তথ্য প্ৰযুক্তি আৰু কৃত্রিম বুদ্ধিমত্তাৰ সহযোগে যথেষ্ট সফলতা লাভত সহায় কৰিব।
ইয়াৰ পূৰ্বে শ্লোভাকিয়া ভ্ৰমণৰ দ্বিতীয় দিনটোত ৰাষ্ট্ৰপতি শ্ৰীমতী মুমুৱে ৰামায়ণৰ কাহিনী আধাৰিত পুতলা নাচ উপভোগ কৰে । ৰামায়ণৰ কাহিনী আধাৰিত এই পুতলা নাচৰ যোগেদি ভাৰতীয় সংস্কৃতিক শ্লোভক জনসাধাৰণৰ ওচৰ চপাই নিয়াৰ প্ৰয়াস কৰাৰ লগতে ৰামায়ণৰ প্ৰমূল্যসমূহত আলোকপাত কৰিব বিচৰা হৈছে। বিগত ৩০ বছৰ ধৰি শিশুসকলৰ মাজত পুতলা নাচৰ মাধ্যমৰে শিক্ষা প্ৰদান কৰি অহা লেংকা মুকভা নামৰ লোকগৰাকীয়ে এই পুতলা নাচৰ প্ৰদৰ্শনী আগবঢ়াইছে। শ্রীমতী মুর্মুৱে এখন চিত্রকলা প্ৰদৰ্শনী দৰ্শন কৰে। এই পদক্ষেপসমূহৰ জৰিয়তে দুয়োখন দেশৰ মাজত সাংস্কৃতিক বুজাবুজি আৰু সম্পৰ্ক শক্তিশালী কৰাৰ আশা কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক