ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি শ্লোভাকিয়াৰ ৰাষ্ট্ৰপতি পিটাৰ পেলেগ্রিনিৰ সৈতে ব্ৰাতিছলাভাত ভাৰত আৰু শ্লোভাকিয়াৰ দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰে। এই আলোচনাত দুয়োগৰাকী ৰাষ্ট্রপ্রধানে গোলকীয় আৰু আঞ্চলিক স্বার্থজড়িত বিষয়সমূহতো আলোকপাত কৰে। প্ৰতিনিধি পৰ্যায়ৰ এই আলোচনাত ভাৰতৰ ফালৰ পৰা ৰাজ্যমন্ত্ৰী শ্ৰীমতী নিমুবেন বামভানিয়া, দোভাল পেটেল আৰু শ্ৰীমতী সন্ধ্যা ৰায়ৰ লগতে জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰে।
দ্বিপাক্ষিক সম্পর্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতি শ্ৰীমতী মুমুৱে শ্লোভাকিয়াৰ ৰাষ্ট্ৰপতি পেলেগ্রিনিৰ প্ৰচেষ্টাৰ প্ৰশংসা কৰে। এই আলোচনাকালত দুয়োগৰাকী নেতাই দুখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। ইয়াৰে এখন হৈছে অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ ক্ষেত্ৰত আৰু আনখন চুক্তি সুষমা স্বৰাজ বৈদেশিক সেৱা প্ৰতিষ্ঠান আৰু বৈদেশিক তথা ইউৰোপীয় পৰিক্ৰমাৰ শ্লোভোক মন্ত্ৰালয়ৰ মাজত সম্পন্ন হৈছে।
শ্লোভাকিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে আলোচনাকালত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে দেশখনত ভাৰতীয় কলা আৰু সংস্কৃতিৰ জনপ্ৰিয়তা বৃদ্ধিৰ দিশটোত গুৰুত্ব আৰোপ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে দুয়োখন দেশে সহযোগিতাৰে এইক্ষেত্ৰত যথেষ্ট আগবাঢ়িব পাৰে বুলি উল্লেখ কৰে। শ্ৰীমতী মুৰ্মুৱে চলিত বৰ্ষৰ পহিলা মে’ৰ পৰা ৪ মে’লৈ মুম্বাইত হ’বলগীয়া ৱেৱ সন্মিলনত সক্রিয় অংশগ্ৰহণৰ বাবে শ্লোভাকিয়াই আমন্ত্রণ জনায়।
শ্লোভাকিয়া ভ্ৰমণলৈ যোৱা ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মু দেশখনৰ ব্ৰাতিছলাভাৰ ৰাষ্ট্ৰপতি ভৱনত দেশখনৰ ৰাষ্ট্ৰপতিয়ে আদৰণি জনায়।