ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক কালি পৰ্টুগালৰ লিছবন চহৰৰ সন্মানীয় KEY OF HONOUR প্ৰদান কৰা হয়। এই প্রতীকি সন্মান লিছবনৰ মেয়ৰ কাৰল‘ছ মেয়দাছে ঐতিহাসক কামাৰা মিউনিচিপাল ডি লিছ‘বুৱাত আনুষ্ঠানিকভাৱে প্ৰদান কৰি ৰাষ্ট্ৰপতিগৰাকীক দেশখনৰ এগৰাকী সন্মানীয় নাগৰিক হিচাপে স্বীকৃতি দিয়ে। লিছবন চহৰৰ ছাবি হৈছে লিছবন চহৰৰ সৰ্বোচ্চ সন্মান। সমাৰোহত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰপতি শ্রীমতী মুর্মুৱে কয়, যে পর্টুগালত বাস কৰা ভাৰতীয়সকল দেশখনৰ চতুৰ্থ বৃহৎ সম্প্ৰদায় আৰু এই সম্প্রদায়ে দুয়োখন দেশৰ সংস্কৃতিৰ মাজত সমন্বয়ৰ সেতু হিচাপে সেৱা আগবঢ়োৱাৰ লগতে দেশত অর্থনীতিলৈও বৰঙণি আগবঢ়াই আহিছে। শ্রীমতী মুর্মুৱে কয়, যে ভাৰত আৰু পৰ্টুগালৰ মাজৰ সাংস্কৃতিক সম্পৰ্কৰ প্ৰভাৱ আমাৰ সংস্কৃতি, সভ্যতা আৰু যোগাসনৰ দৰে কলাৰ বিভিন্ন মাধ্যমত দেখা যায়। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে লগতে কয়, যে ২০৪৭ চনত বিকশিত ভাৰত গঢ়াৰ লক্ষ্যৰে আৰু বাসুধৈৱা কুটুমবাক্ম দৃষ্টিৰে আমি এখন বহনক্ষম পৃথিৱী গঢ়ি তোলাৰ স্বাৰ্থত একেলগে কাম কৰিব লাগিব। এই যাত্ৰাত পৰ্টুগাল ভাৰতৰ বাবে নিৰ্ভৰযোগ্য সহযোগী বুলিও তেওঁ মত প্ৰকাশ কৰে ৷
পৰ্টুগাল ভ্ৰমণৰ পৰৱৰ্তী পৰ্যায়ত ৰাষ্ট্ৰপতিগৰাকী শ্লোভাকিয়ালৈ ৰাওনা হ‘ব। কাইলৈ আৰু পৰহিলৈ দুদিনীয়া ভ্ৰমণসূচীৰে শ্ৰীমতী মুৰ্মুৱে শ্লোভাকিয়াৰ ৰাষ্ট্ৰপতি পিটাৰ পেলেগ্রিণি আৰু প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকোৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ‘ব। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৰ শ্লোভাকিয়া ভ্রমণে ভাৰত আৰু শ্লোভাকিয়াৰ মাজত দ্বিপাক্ষিক সম্পর্ক শক্তিশালী কৰাৰ লগতে সম্প্ৰসাৰিত কৰিব। পৰ্টুগাল আৰু শ্লোভাকিয়া ভ্ৰমণৰ জৰিয়তে ইউৰোপীয় সংঘৰ সৈতে ভাৰতৰ সম্পৰ্ক শক্তিশালী হ‘ব বুলিও আশা কৰা হৈছে ।