সমাজৰ অৱহেলিত শ্ৰেণীৰ প্ৰতি দেখুওৱা সংবেদনশীলতাই এখন দেশ বা সমাজৰ মৰ্যাদা নিৰ্ণয় কৰে। ৰাষ্ট্ৰপতি ভৱনত কালি সন্ধিয়া অনুষ্ঠিত পাৰ্পল মহোৎসৱত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে দয়া, সৌহাদ্য, আৰু অন্তৰ্ভুক্তিকৰণে ভাৰতীয় সংস্কৃতি আৰু সভ্যতাৰ মূল্যবোধ নিৰূপণ কৰে। বিভিন্ন প্ৰকাৰৰ দিব্যাংগৰ বিষয়ে সজাগতাৰ সৃষ্টি কৰা আৰু জনসাধাৰণৰ জীৱনত ইয়াৰ প্ৰভাৱ তথা সমাজত ইয়াৰ গ্ৰহণযোগ্যতাৰ সন্দৰ্ভত প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্যৰে এই পাৰ্পল মহোৎসৱৰ আয়োজন কৰা হয়। শ্ৰীমতী মুৰ্মুৱে তেওঁৰ ভাষণত কয়, যে সংবিধানৰ প্ৰস্তাৱনাতে সামাজিক ন্যায়, সমতা আৰু ব্যক্তি বিশেষৰ মৰ্যাদাৰ কথা কোৱা হৈছে। চৰকাৰে দিব্যাংগসকলৰ সবলীকৰণ আৰু সকলো ক্ষেত্ৰতে তেওঁলোকৰ সম অংশগ্রহণ সুনিশ্চিত কৰাৰ বাবে সুগম্য ভাৰত অভিযান ৰূপায়ণ কৰাক লৈ ৰাষ্ট্ৰপতিগৰাকীয়ে সন্তুষ্টি প্ৰকাশ কৰে। অনুষ্ঠানত শ্ৰীমতী মুৰ্মুৱে দিব্যাংগ সকলৰ সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰে।